ETV Bharat / state

বটদ্ৰৱাত শিক্ষকৰ প্ৰহাৰত আহত ছাত্ৰী

শিক্ষকে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে ছাত্ৰীক ৷ প্ৰধান শিক্ষকৰ বিৰুদ্ধে অভিযোগ ৷

বটদ্ৰৱাত শিক্ষকৰ প্ৰহাৰত আহত ছাত্ৰী
author img

By

Published : Jun 27, 2019, 7:46 PM IST

বটদ্ৰৱা, 26 জুন: চেকনিৰ আগত বিদ্যা নীতিৰ পৰিৱৰ্তে বৰ্তমান শিশু কেন্দ্ৰিক শিক্ষা ব্যৱস্থা প্ৰচলিত হৈ থকাৰ সময়ত বটদ্ৰৱাত শিক্ষকৰ প্ৰহাৰত এগৰাকী ছাত্ৰী আহত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত । ছাত্ৰ ছাত্ৰীক শাৰিৰীক ভাৱে প্ৰহাৰ কৰাটো অপৰাধ বুলি গণ্য কৰাৰ সময়তে বটদ্ৰৱাৰ হাইডুবী কামপুৰ সত্ৰ বালক এম ই স্কুলত সংঘটিত হৈছে এই ঘটনা । ঘটনাটোক লৈ অঞ্চলটোত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ দায়িত্বত থকা আলী আজমল হুচেইনৰ নিৰ্মম প্ৰহাৰত আহত হোৱাৰ অভিযোগ সপ্তম শ্ৰেণীৰ ছাত্ৰী এগৰাকী। মাত্ৰ কিছুদিন পূৰ্বে প্ৰধান শিক্ষকৰ দায়িত্ব গ্ৰহণ কৰা আজমল হুছেইনে ক্ষমতাৰ অপব্যৱহাৰ কৰি ছাত্ৰী গৰাকীক প্ৰহাৰ কৰা বুলি অভিযোগ উত্থাপিত হৈছে। প্ৰধান শিক্ষকৰ দায়িত্ব পায়েই উদ্দেশ্য প্ৰণোদিত ভাৱে ছাত্ৰী গৰাকীক গুৰুলা-গুৰুলা ভাৱে প্ৰহাৰ কৰা কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে সচেতন মহলে।

লগতে পঢ়ক: ভয়ংকৰঃ মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ মাজেৰেই পাৰ হয় উগ্ৰপন্থী সংগঠনৰ মাৰণাস্ত্ৰ!!

Intro:শিক্ষকৰ গুৰুলা গুৰুল প্ৰহাৰত আহত কনমাণি ছাত্ৰী । বটদ্ৰৱা থানত গোচৰ ৰুজু । Body:চেকনিৰ আগত বিদ্যা নিতী ৰ পৰিবৰ্তে বৰ্তমান শিশু কেন্দ্ৰিক শিক্ষা ব্যৱস্থা প্ৰচলিত হৈ থকাৰ সময়ত বটদ্ৰৱাত শিক্ষকৰ প্ৰহাৰত ছাত্ৰী এগৰাকী আহত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত । ছাত্ৰ ছাত্ৰীক শাৰিৰীক ভাবে প্ৰহাৰ কৰাটো অপৰাধ বুলি গন্য কৰাৰ সময়তে বটদ্ৰৱা খণ্ড প্ৰথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ এলেকাধিন হাইডুবী কামপুৰ সত্ৰ বালক এম ই স্কুলত সংঘটিত হৈছে এই ঘটনা। ঘটনাটোক লৈ অঞ্চলটোত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্হিতি ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ দায়িত্বত থকা আলী আজমল হুচেইনৰ নিৰ্মম প্ৰহাৰত আহত হোৱাৰ অভিযোগ সপ্তম শ্ৰেণীৰ ছাত্রী এগৰাকী । মাত্ৰ কিছুদিন পূৰ্বে প্ৰধান শিক্ষকৰ দায়িত্ব গ্ৰহন কৰা আজমল হুছেইনে ক্ষমতাৰ অপব্যৱহাৰ কৰি ছাত্ৰী গৰাকীক প্ৰহাৰ কৰা বুলি অভিযোগ উথ্থাপিত হৈছে ।প্ৰধান শিক্ষকৰ দায়িত্ব পায়েই উদ্দেশ্য প্ৰণোদিত বাবে ছাত্ৰী গৰাকীক গুৰুলা -গুৰুলা বাবে প্ৰহাৰ কৰা কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে সচেতন মহলে।যি সময়ত বিজেপি চৰকাৰে "ভেটি বাঁচাও ভেটি পঢ়াও"শ্লো গানৰ জৰিয়তে মহিলা সকলক সৱলীকৰণৰ প্ৰচেষ্ঠা অব্যাহত ৰখাৰ সময়তে এইজন শিক্ষকৰ কর্মকাণ্ডয় লজ্জানত কৰিছে শিক্ষক সমাজক।শূণ্য সহনশীল বিজেপি চৰকাৰে এইজন শিক্ষকৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া হব লক্ষনীয় । _____________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.