ETV Bharat / state

Sankardev sangha controversy: স্থিতি স্পষ্ট কৰাৰ নামত অৱশেষত চালে-বেৰে কোবালে শংকৰদেৱ সংঘৰ বাবুল বৰাই - স্থিতি স্পষ্ট কৰাৰ নামত অৱশেষত চালে বেৰে কোবালে

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবাদ মেল(Sankardev sangha press meet) ৷ নগাঁৱৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰে সংবাদ মেলৰ । প্ৰতিটো জাতি জনগোষ্ঠীৰ ৰীতি, নীতি, পৰম্পৰাৰ প্ৰতি শ্ৰীমন্ত শংকৰদেৱ সংঘ শ্ৰদ্ধাশীল কৰে বুলি স্পষ্ট কৰি দিয়ে সংঘই ৷

Etv Bharat
Etv Bharat
author img

By

Published : Oct 29, 2022, 7:46 PM IST

নগাঁও,২৯ অক্টোবৰ: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানত বহিষ্কাৰ, এঘৰীয়া, সমাজচ্যুত জাতীয় কোনো শব্দই নাই বুলি শনিবাৰে সংবাদ মেলযোগে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই ৷ শনিবাৰে নগাঁৱস্থ সংঘৰ মুখ্য কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই(Sankardev sangha press meet) । শেহতীয়া কেইবাটাও বিতৰ্ক সন্দৰ্ভত স্পষ্টীকৰণ দিয়াৰ উদ্দেশ্যৰে সংঘই সম্বোধন কৰে এই সংবাদ মেলখনৰ ৷

Sankardev sangha controversy: স্থিতি স্পষ্ট কৰাৰ নামত অৱশেষত চালে বেৰে কোবালে শংকৰদেৱ সংঘৰ বাবুল বৰাই

সংবাদ মেলখন সম্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই । বিশেষকৈ চকলং বিবাহ সন্দৰ্ভত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সমিতিয়ে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি স্পষ্ট কৰি দিয়ে সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই(Sankardev sangha controversy) । এইক্ষেত্ৰত যদি সংঘৰ কোনো শাখা সমিতিয়ে কোনো সিদ্ধান্ত লৈছে সেই সন্দৰ্ভত কেন্দ্ৰীয় সমিতিয়ে কোনো আলোচনা কৰাৰ সুযোগ পোৱা নাই বুলি সংবাদ মেলত দায়সৰা মন্তব্য প্ৰদান কৰে প্ৰধান সম্পাদক বাবুল বৰাই ।

অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ৰীতি নীতিৰ প্ৰতি শ্ৰীমন্ত শংকৰদেৱ সংঘ শ্ৰদ্ধাশীল বুলি উল্লেখ কৰি প্ৰধান সম্পাদক বাবুল বৰাই কয় যে অলক্ষিতে যদি কোনো জাতি জনগোষ্ঠীৰ ৰীতি নীতি তথা পৰম্পৰাত আঘাত হনা হৈছে তেন্তে আত্মীয়তা আৰু বুজাপৰাৰে সেয়া সমাধান কৰা হ'ব । তদুপৰি বিভিন্ন জাতি-জনগোষ্ঠীক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্ভুক্ত হ'বলৈ সংবাদ মেলযোগে আহ্বান জনায় প্ৰধান সম্পাদক বাবুল বৰাই ৷ ইতিমধ্যে 27 টা বিভিন্ন জাতি-জনগোষ্ঠী সংঘৰ অন্তৰ্ভুক্ত হৈছে বুলি প্ৰধান সম্পাদক বাবুল বৰাই জানিবলৈ দিয়ে ৷

জাতি-জনগোষ্ঠীক আঘাত সানিব পৰা কোনো কথাই সংঘই মানি নলয় বুলিও প্ৰধান সম্পাদক বাবুল বৰাই সংবাদমেলযোগে স্পষ্ট কৰি দিয়ে ৷ তাৰোপৰি সকলো ধৰণৰ বিভ্ৰান্তি আঁতৰাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি আন্তৰিক সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে প্ৰধান সম্পাদকগৰাকীয়ে ৷ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘক সহযোগিতা আগবঢ়াবলৈ টাই আহোম জনগোষ্ঠীয় সংগঠনক আহ্বান জনায় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই ।

আজিৰ সংবাদমেলখনত শ্ৰীমন্ত শংকৰদেৱৰ পদাংক অনুকৰণ কৰি এক অসমীয়া জাতি হিচাপে পৰিচিত হ'বলৈ প্ৰতিটো জাতি-জনগোষ্ঠীলৈ আহ্বান জনায় সংঘৰ প্ৰাক্তন পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই ৷ লগতে জাতি-জনগোষ্ঠীৰ পৰম্পৰা-বিশ্বাসত আঘাত হানিব পৰা কাৰ্য সংঘৰ আদৰ্শৰ পৰিপন্থী বুলিও সংবাদ মেলযোগে স্পষ্ট কৰি দিয়ে সংঘই ৷

আজিৰ সংবাদমেলখনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কৰুণা কান্ত গগৈ, প্ৰাক্তন পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাৰ লগতে সংঘৰ কেইবাজনো কৰ্মকৰ্তা উপস্থিত থাকে ৷

লগতে পঢ়ক: 2024 Loksabha election: মিত্ৰতা ভংগৰ দিশে অগপ-বিজেপি !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.