ETV Bharat / state

কৰ’ণা বিৰোধী যুঁজত অৱতীৰ্ণ আশা কৰ্মীসকলৰ কথাৰে... - আশা কৰ্মী

বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ’ণাৰ বিৰুদ্ধে এতিয়া যুঁজত অৱতীৰ্ণ হৈছে ৰাজ্যৰ আশা কৰ্মীসকল । চিকিৎসক-নাৰ্চৰ লগতে ঘৰে ঘৰে গৈ স্বাস্থ্য পৰীক্ষা কৰিছে আশা কৰ্মীসকলে । এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন-

Special story on asha worker nagaon assam etv bharat news
আশা কৰ্মীসকলৰ কথাৰে...
author img

By

Published : Jun 2, 2020, 4:29 PM IST

নগাঁও,2 জুন: গৰ্ভৱতী আৰু প্ৰসূতি মহিলাৰ লগতে নৱজাতকৰ সেৱাৰ বাবে চৰকাৰে স্বাস্থ্যখণ্ডত নিযুক্তি দিছিল আশা কৰ্মী । বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ’ণাৰ বিৰুদ্ধে এতিয়া যুঁজত অৱতীৰ্ণ হৈছে এইসকল আশা কৰ্মী । চিকিৎসক-নাৰ্চৰ লগতে ঘৰে ঘৰে গৈ স্বাস্থ্য পৰীক্ষা কৰিছে আশা কৰ্মীসকলে। সামান্য দৰমহাৰে ভয়ানক যুদ্ধৰ এইসকল সৈনিকক লৈ আমাৰ এক বিশেষ প্ৰতিবেদন ৷ আশা কৰ্মীয়ে দৰমহা বুলিবলৈ মাহৰ মূৰত লাভ কৰে মাত্ৰ তিনি হাজাৰ টকা । তথাপিও তেওঁলোক এতিয়া কৰ’ণা বিৰোধী যুঁজৰ অক্লান্ত সৈনিক । আমি ক’ব খুজিছো কেইবছৰমান পূৰ্বে গৰ্ভৱতী,প্ৰসূতি মহিলা আৰু নৱজাতকৰ সেৱাৰ বাবে নিয়োজিত কৰা আশা কৰ্মীসকলৰ কথা । মানৱ সেৱাৰ নামত প্ৰত্যেকেই যেন উৎসৰ্গিত কৰিছে নিজৰ জীৱন । সমগ্ৰ বিশ্বতে কৰ’ণা মহামাৰীয়ে আতংক সৃষ্টি কৰাৰ সময়তে নিজৰ জীৱনক তুচ্ছ কৰি এই যুঁজত অৱতীৰ্ণ হৈছে আশা কৰ্মীসকল ।

আশা কৰ্মীসকলৰ কথাৰে...

নিজৰ নিজৰ এলেকাৰ প্ৰতিটো পৰিয়ালত নাৰ্চৰ লগতে উপস্থিত হোৱা আশা কৰ্মীসকল পৰা নাই ৰাইজৰ দৃষ্টিত ৷ কৰ্মীসকলৰ সুৰক্ষাৰ অৰ্থে সাৱধানতা অৱলম্বন কৰিবলৈ হাতত নাই কোনো উপায়,নাই পিপিই কিট । চৰকাৰ অথবা স্বাস্থ্য বিভাগৰ পৰা বিশেষ কোনো সুবিধা লাভ নকৰা স্বত্বেও কৰ’ণা বিৰোধী যুঁজখন চলাই গৈছে এইসকল আশা কৰ্মীয়ে । উল্লেখ্য যে,নগাঁও জিলাত প্ৰায় ২,৪০০ গৰাকী আশা কৰ্মী অৱতীৰ্ণ হৈছে কৰ'ণা বিৰোধী যুঁজত ।

লগতে চাওকঃ নগাঁও আৰু নলবাৰীত আতংকঃ ৰাজপথত উদ্ধাৰ ব্যৱহৃত পিপিই কিট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.