ETV Bharat / state

ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ12 বছৰীয়া কিৰণ সিঙৰ মুখত বিৰিঙিল হাঁহি

author img

By

Published : May 20, 2020, 5:19 PM IST

কিৰণক সহায় কৰিবলৈ আগবাঢ়ি আহিল নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়া টি চি ৰঞ্জিতসহ বনকৰ্মীৰ এটা দল ৷কিৰণৰ বাসগৃহত উপস্থিত হৈ দলটোৱে কিৰণক প্ৰদান কৰিলে এটা চিলাই মেচিন, নগদ ধনৰ লগতে কিৰণৰ শিক্ষাৰ বাবেও সহায়ৰ আশ্বাস দিয়ে বন্যপ্ৰাণী সংমণ্ডল বিষয়া টি চি ৰঞ্জিতে ৷আনহাতে,চিলাই মেচিন লাভ কৰি দুখৰ মাজতো উৎফুল্লিত হৈ হাঁহি ৰ'ল কিৰণ

Smile on Kiron's face after ETV Bharat news impact
ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ12 বছৰীয়া কিৰণ সিঙৰ মুখত বিৰিঙিল হাঁহি

নগাঁও,20মে':ডিব্ৰুগড়ৰ জানমণিৰ কথা নিশ্চয় সকলোৰে মনত আছে ৷ ই টিভি ভাৰতত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে জানমণিক সহায়ৰ বাবে আগবাঢ়ি আহিছিল ডিব্ৰুগড় জিলাৰ আৰক্ষী প্ৰশাসনৰ লগতে বহু অনুষ্ঠান-প্ৰতিষ্ঠান৷ ঠিক একেদৰে ই টি ভি ভাৰতত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে এইবাৰ নগাঁওৰ কিৰণৰ মুখত বিৰিঙিল এটুকুৰা হাঁহি ৷যি সময়ত কিৰণৰ পখিলা খেদাৰ বয়স সেই সময়ত দৰিদ্ৰ পৰিয়ালৰ সন্তান 12 বছৰীয়া কিৰণ নামি পৰিছে কঠোৰ জীৱন সংগ্ৰামত ৷কিৰণৰ মাতৃয়ে দিন হাজিৰা কৰি পৰিয়াল পোহ পাল দিয়াৰ লগতে কিৰণৰ শিক্ষাৰ খৰচৰ ব্যৱস্থা কৰাৰ বাবে আত্মীয়ৰ ঘৰতে থাকি লৈছিল যাৰ পৰিপ্ৰেক্ষিতিত সপ্তম শ্ৰেণীত অধ্যয়ণৰত কিৰণে আত্মীয়ৰ এটা চিলাই মেচিনত মাস্ক প্ৰস্তুত কৰি বিক্ৰী কৰি পৰিয়ালৰ সমস্ত দায়িত্বৰ লগতে ৰোগীয়া পিতৃৰ চিকিৎসা আৰু ঔষধৰ দায়িত্বও কান্ধ পাতি লৈছিল ৷

ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ

কিৰণৰ এই কঠোৰ জীৱন সংগ্ৰাম ইটিভিত সম্প্ৰচাৰ হোৱাৰ পিছতে কিৰণক সহায় কৰিবলৈ আগবাঢ়ি আহিল নগাওঁ বন্যপ্ৰাণী সংমণ্ডল বিষয়া টি চি ৰঞ্জিতসহ বনকৰ্মীৰ এটা দল ৷কিৰণৰ বাসগৃহত উপস্থিত হৈ দলটোৱে কিৰণক প্ৰদান কৰিলে এটা চিলাই মেচিন, নগদ ধনৰ লগতে কিৰণৰ শিক্ষাৰ বাবেও সহায়ৰ আশ্বাস দিয়ে বন্যপ্ৰাণী সংমণ্ডল বিষয়া টি চি ৰঞ্জিতে ৷আনহাতে,চিলাই মেচিন লাভ কৰি দুখৰ মাজতো উৎফুল্লিত হৈ হাঁহি ৰ'ল কিৰণ ৷কাৰণ তাইৰ নিজৰ বুলিবলৈ যে এটা চিলাই মেচিন হ'ল ৷ চিলাই মেচিনত বহিয়েই এতিয়া পৰিয়ালৰ ভৰণ-পোষণৰ লগতে চিকিৎসক হোৱাৰ সপোন ৰচিছে 12 বছৰীয়া কিৰণে ৷

লগতে পঢ়কঃকোভিড-১৯ৰ পৰিপেক্ষিতত শ্ৰম আইনৰ সৰলীকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.