নগাঁও,23 আগষ্ট : নগাঁও জিলাৰ চকৰিগাঁৱত এজন লোকৰ বৰশীত ৰূপৰ সৰ্প উঠি অহা ঘটনাই কৌতুহলৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত । চকৰী গাঁৱত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কলঙৰ পাৰত আছে এটা শিৱ মন্দিৰ । এই শিৱ মন্দিৰৰ কাষতে আছে এটা পকী ঘাট । দেওবাৰে স্থানীয় এজন লোকে এই পকী ঘাটটোতে বৰশী বাই আছিল ।
দেওবাৰে লোকজনৰ বৰশীত এডাল ৰূপৰ সাপ উঠি আহে । ঠিক একেদৰে মনি ৰাজবংশী নামৰ লোকজনে অনুৰূপ ধৰণৰে বৰশী বাওতে বৰশীত ৰূপৰ সাপ উঠি অহা পৰিলক্ষিত হয় ৷ ইতিমধ্যে স্থানীয় লোকে ৰূপৰ সাপ দুডাল মন্দিৰত অৰ্পণ কৰিছে বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য ৰূপৰে নিৰ্মিত সাপ দুডাল চাবলৈ স্থানীয় ৰাইজে মন্দিৰত ভিৰ কৰিছে ।
কলঙৰ পানীৰ পৰা কেনেদৰে ৰূপৰ সাপ দুডাল বৰশীত উঠি আহিল এই কথাই ৰাইজৰ মাজত ৰহস্যৰ সৃষ্টি কৰিছে । অৱশ্যে একাংশ লোকে মন্দিৰত কোনো লোকে দান দিয়া ৰূপৰ সাপ কলঙৰ বানত উটি যাব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে । কিয়নো কলঙত পানী বাঢ়িলে মন্দিৰটোৰ কিছু অংশত পানী সোমায় ।
লগতে পঢ়ক:মৰাণত প্ৰধানমন্ত্ৰী কিষাণ আঁচনিত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ