ETV Bharat / state

গুৰুজনাৰ জন্মস্থানত অনুষ্ঠিত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ - মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ

গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত অনুষ্ঠিত হোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ আজি দ্বিতীয় দিন । শ্ৰী শ্ৰী বটদ্ৰৱা থান আৰু সমীপৰ ৭ খন ঐতিহ্যমণ্ডিত সত্ৰত একেলগে অনুষ্ঠিত হৈছে মহোৎসৱৰ সাংস্কৃতিক কাৰ্যসূচী ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ আজি দ্বিতীয় দিন

author img

By

Published : Jan 30, 2021, 5:19 PM IST

নগাঁও, ৩০ জানুৱাৰী: মাধৱ সংস্কৃতি ন্যাস আৰু শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ আজি দ্বিতীয়টো দিন । তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই মহোৎসৱ । শনিবাৰে শ্ৰী শ্ৰী বটদ্ৰৱা থান আৰু সমীপৰ ৭ খন ঐতিহ্যমণ্ডিত সত্ৰত একেলগে মহোৎসৱৰ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয় । পুৱা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শ্ৰী শ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে পতাকা উত্তোলন কৰে ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ আজি দ্বিতীয় দিন

এই মহোৎসৱত ৰাজ্য তথা দেশৰ বিভিন্ন প্ৰান্তৰ শিল্পী, সাহিত্যিক, কবি, চিত্ৰশিল্পী, গৱেষকসকলে অংশগ্ৰহণ কৰিছে । পুৱাৰে পৰা বটদ্রৱা থানলৈ আগমন ঘটিছে বহু লোকৰ । আনহাতে, শুক্ৰবাৰে প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে নগাঁও চহৰত থকা খগেন মহন্ত প্ৰেক্ষাগৃহত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হয় । গুৰুজনাৰ কৃষ্টি-সংস্কৃতিৰ প্ৰসাৰৰ বাবে প্ৰথমবাৰৰ বাবে অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ অনুষ্ঠিত কৰা হৈছে ।

লগতে পঢ়ক:গো-মাফিয়া আদম আলীক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.