ETV Bharat / state

Man stabs wife, unborn child: স্বামীৰ চুৰিকাঘাতত আহত গৰ্ভৱতী মহিলাৰ মৃত্য়ু

author img

By

Published : Jun 15, 2023, 8:13 PM IST

পাষাণ স্বামীৰ বাবেই পৃথিৱীৰ মুখ দেখাৰ পূৰ্বেই মৃত্যু গৰ্ভস্থ সন্তানৰ । স্বামীৰ চুৰিকাঘাতত আহত ধিঙৰ গৰ্ভৱতী মহিলাৰ চিকিৎসালয়ত মৃত্যু ।

Allegation of murder against husband in Dhing at
ধিঙত মহিলাৰ মৃত্যু
ধিঙত মহিলাৰ মৃত্যু

নগাঁও, ১৫ জুন: নগাঁও জিলাৰ ধিং অঞ্চলত মানৱ সমাজক লজ্জানত কৰা এক ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । মানৱৰূপী দানৱৰ নৃশংসতাৰ বলি হৈ চিকিৎসাধীন অৱস্থাতে প্ৰাণ হেৰুৱালে ধিং ভকত গাঁৱৰ ৬ মহীয়া গৰ্ভৱতী মহিলা ববী দেৱীয়ে । গৰ্ভৱতী অৱস্থাতে স্বামীৰ চুৰিকাঘাতত আহত হৈ পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ মৃত্যু হোৱা ঘটনাই এতিয়া জোকাৰি গৈছে ধিং অঞ্চলটোক ৷

পৃথিৱীৰ মুখ দেখা নাপাওঁতেই পাষাণ অনন্ত নাথৰ চুৰিকাঘাতে নিমিষতে প্ৰাণ কাঢ়ি নিলে পত্নী আৰু গৰ্ভস্থ সন্তানৰ ৷ এই ঘটনা সংঘটিত হৈছিল মঙলবাৰে নিশা । মঙলবাৰে নিশা নগাঁও জিলাৰ ধিং অঞ্চলৰ ভকতগাঁৱৰ অনন্ত নাথে গৰ্ভৱতী পত্নীৰ পেটত ছুৰিৰে আক্ৰমণ কৰাত সংকটজনক অৱস্থাতে চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হৈছিল । কিন্তু চিকিৎসালয়তে বুধবাৰে নিশা মৃত্যুক সাৱটি লয় মহিলাগৰাকীৰ লগতে গৰ্ভত থকা সন্তানে । দুটাকৈ জীৱৰ প্ৰাণ কাঢ়ি নিয়া ঘটনাই স্তম্ভিত কৰি তুলিছে সমগ্ৰ ধিংবাসীক ।

কেৱল মাত্ৰ যৌতুকৰ বাবে হত্যাকাণ্ড সংঘটিত কৰা স্বামী অনন্ত নাথৰ নাই কোনো অনুশোচনা ৷ যোৱা ১৩ জুনৰ বিয়লি বজাৰৰ পৰা এখন চুৰি কিনি আনি এই হত্যাকাণ্ড সংঘটিত কৰা বুলি আৰক্ষীৰ আগত বিস্ফোৰক স্বীকাৰোক্তি দিছে অভিযুক্ত স্বামী অনন্ত নাথে ৷ অভিযুক্ত স্বামী অনন্ত নাথে উল্লেখ কৰা মতে, ঘটনাৰ দিনা ঘৰৰ বাহিৰত বহি আছিল পত্নী ৷ পূৰ্ব পৰিকল্পনা কৰিয়েই বহি থকাৰ পৰা ভিতৰলৈ মাতি কোঠাৰ ভিতৰতে উপৰ্যুপৰি চুৰিৰে হানি-খুচি পালায়ন কৰিছিল স্বামী অনন্ত নাথে ৷ ইপিনে,পত্নীক হানি খুচি হত্যা কৰাৰ অভিযুক্ত স্বামীক ফাঁচি দিয়াৰ দাবী জনাইছে বিভিন্ন দল-সংগঠমৰ লগতে স্থানীয় ৰাইজে । আনহাতে, ধিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা স্বামী অনন্ত নাথক লগত লৈ সমগ্ৰ ঘটনাৰ অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক:Clash between Ripun Bora and Bhupen Bora : বিৰোধী ঐক্যৰ তৎপৰতাৰ মাজতে ৰিপুন বৰা আৰু ভূপেন বৰাৰ বাকযুদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.