ETV Bharat / state

ৰোগীৰ মৃত্য়ুক কেন্দ্ৰ কৰি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Jun 10, 2020, 1:49 PM IST

পৰিয়ালৰ অভিযোগ অনুসৰি চিকিৎসকৰ ভুলৰ বাবেই নগাঁৱৰ জি.ডি চিকিৎসালয়ত, এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ পূৰ্বতেও চিকিৎসালয় খনত এনে ভুল হোৱাৰ অভিযোগ উত্থাপন কৰি চিকিৎসালয়খন ছীল কৰি দিয়াৰ দাবী উত্থাপন কৰিছে একাংশ স্থানীয় লোকে ৷

Sensation in nagaon for wrong treatment
Sensation in nagaon for wrong treatment

নগাঁও, 10 জুনঃ এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি নগাঁৱৰ জি.ডি চিকিৎসালয়ত ৷ নগাঁৱৰ কাছমাৰীৰ হিৰণ্য বৰা নামৰ এজন 40 উৰ্ধৰ লোকৰ বিষ ফোঁহা হোৱাত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনত তিনিদিন পূৰ্বে ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু বিষত শৰীৰৰ তাপমাত্ৰা বৃদ্ধি হোৱা আৰু উশাহ-নিশাহ লোৱাত কষ্ট পোৱা লোকজনক মঙলবাৰে নিশা চিকিৎসালয়খনৰ আইচিইউত ভৰ্তি কৰোৱা হয় ৷ কিন্তু কিছু সময়ৰ পিচতে লোকজনৰ মৃত্যু হয় ৷

ৰোগীৰ মৃত্য়ুক কেন্দ্ৰ কৰি নগাঁৱৰ এখন চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

এই ঘটনাৰ পাছতেই চিকিৎসকৰ ভুলৰ বাবেই লোকজনৰ মৃত্যু হোৱা বুলি অভিযোগ কৰে পৰিয়ালৰ লোকে ৷ এই ঘটনাক কেন্দ্ৰ কৰি মৃত লোকজনৰ পৰিয়াল আৰু আত্মীয়ই চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পিচতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ৷

জানিব পৰা মতে, নগাঁও চহৰৰ এই ব্যক্তিগত চিকিৎসালয়খনৰ বিৰুদ্ধে পূৰ্বতেও এনেধৰণৰ বহু অভিযোগ উত্থাপন হোৱাৰ লগতে, উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হৈছিল ৷ পুনৰ একেখন চিকিৎসালয়তে ভুল চিকিৎসাৰ বাবে ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিচত, এইবাৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খন ছীল কৰি দিয়াৰ দাবী উত্থাপন কৰিছে একাংশ স্থানীয় লোকে ৷

লগতে পঢ়কঃ মহানগৰীত পিপিই কিট আতংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.