ETV Bharat / state

Sankardev Nam Dharma Samaj controversy : সভাপতি-সম্পাদকৰ বিৰুদ্ধে প্ৰতিবাদী সভা - Sankardeva Naam Dharma Samaj holds protest meeting

শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ ৰাজ্যিক সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ ধনৰ কেলেংকাৰীৰ অভিযোগ (Sankardev Nam Dharma Samaj scam)। কলিয়াবৰৰ চতিয়াল বৰ নামঘৰ প্ৰাংগনত কেলেংকাৰী সন্দৰ্ভত সভা । সভাত নগাঁও, জামুগুৰিহাট, যোৰহাট আদি ৬ খন জিলা সমিতিয়ে অংশগ্ৰহণ কৰে ।

Sankardev Nam Dharma Samaj controversy
সভাপতি-সম্পাদকৰ বিৰুদ্ধে প্ৰতিবাদী সভা
author img

By

Published : Dec 27, 2022, 1:47 PM IST

শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ বিতৰ্ক

কলিয়াবৰ,২৭ ডিচেম্বৰ : পুনৰ বিতৰ্কৰ মাজত শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ (Srimanta Sankardev Namdharma Samaj)। সমাজৰ ৰাজ্যিক সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ ধনৰ কেলেংকাৰীৰ অভিযোগ । শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ বৰ্তমানৰ পদাধিকাৰগৰাকীয়ে নিজৰ চিন্তাধাৰা সংযত কৰিব নোৱাৰাত সমাজখনৰ ভিতৰচ'ৰাত নানা বিশৃংখলতাৰ সৃষ্টি হৈছে । ফলস্বৰূপে ৰাজ্যিক সমাজৰ পৰা কেইবাখনো জিলা আঁতৰি গৈছে । পদাধিকাৰগৰাকীয়ে সমাজখন সুস্থ ভাৱে পৰিচালনা কৰাৰ আহ্বান ।

শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ কলিয়াবৰ জিলা সমাজৰ সভাপতি প্ৰমোদ শইকীয়াই সংবাদমাধ্যমৰ আগত এই মন্তব্য কৰে । উল্লেখ্য যে, ৰাজ্যিক সমিতিৰ সভাপতি আৰু সম্পাদক ক্ৰমে দিনেশ মহন্ত আৰু শ্ৰীমন্ত ভূঞাৰ বিৰুদ্ধে কেইবালাখ টকাৰ কেলেংকাৰী সংঘটিত কৰা বুলি উঠা অভিযোগৰ ভিত্তিত ক্ষুব্ধ হৈ সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ কলিয়াবৰ জিলাৰ সভাপতি প্ৰমোদ শইকীয়াই এক সংবাদমেল যোগে এই কথা ব্যক্ত কৰে ।

সংবাদমেলত ৰাজ্যিক সম্পাদকগৰাকীৰ বিৰুদ্ধে ক্ষোভ উজাৰি জিলা সভাপতিগৰাকীয়ে লগতে কয় যে বৰভাগ মালা গ্ৰহণ কৰা সমাজৰ আচাৰ নীতি নমনা আৰু মিছাৰ আশ্ৰয় লোৱা চতুৰ ৰাজ্যিক সাধাৰণ সম্পাদক শ্ৰীমন্ত ভূঞাই বিগত ১১ ডিচেম্বৰতে নিজৰ পদবীৰ পৰা অব্যাহতি লোৱাৰ পাছত সংবাদ মাধ্যমৰ জৰিয়তে ভকতসকলক তীৰ্যক মন্তব্য কৰা কথাই ৰহস্যৰ সৃষ্টি কৰিছে ।

তেওঁ লগতে কয় যে কলিয়াবৰ আঞ্চলিক সমাজত নতুনকৈ গঠন হোৱা মণিকাঞ্চন আঞ্চলিকটো সমাজৰ সংবিধানৰ মান্যতা দি গঠন নোহোৱা সত্বেও সভাপতিগৰাকীৰ চেষ্টাত কাৰ্যনিৰ্বাহক সভাই অবৈধভাৱে অনুমোদন জনোৱা কথাত কলিয়াবৰ জিলা সমাজ ক্ষুণ্ণ হৈ পৰিছে (Sankardev Nam Dharma Samaj scam)। সংবাদমেলযোগে ৰাজ্যিক সভাপতিগৰাকীৰ একনায়কত্ববাদী সিদ্ধান্তত সভাপতি দিনেশ মহন্ত ৰাজ্যিক সভাপতি হৈ থকালৈকে কলিয়াবৰ জিলা সমাজখন ৰাজ্যিক সমাজৰ পৰা আঁতৰি থাকিব বুলি স্পষ্ট কৰি দিয়াৰ বিপৰীতে নাম ধৰ্ম সমাজৰ পৰা আঁতৰি থকা নাই বুলিও দোহাৰে ।

সংবাদমেলত দিলীপ নেওগে কয় যে শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ নামৰ এই বৃহৎ অনুষ্ঠানটোৰ গঠন প্ৰক্ৰিয়াত স্বনামধন্য গোলোক কাকতি, ভোলা কটকী আৰু কলিয়াবৰৰ ডিম্বেশ্বৰ শইকীয়াই অহোপুৰুষাৰ্থ চেষ্টা কৰি গঠন কৰা অনুষ্ঠানটোক ঢাপত গজা দিনেশ মহন্ত নামৰ সভাপতিজনে ভৰিৰে মোহাৰি নষ্ট কৰিবলৈ ওলোৱা কাৰ্য গৰিহণা যোগ্য ।

ইফালে সংবাদমেলত অসম আই মাতৃ সমাজৰ হৈ সভানেত্ৰী আৰু সম্পাদিকা ক্ৰমে হেমলতা শইকীয়া আৰু মলয়া মেধিয়ে ৰাজ্যিক সভাপতি আৰু সম্পাদকগৰাকীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে । কলিয়াবৰ আঞ্চলিক সমাজৰ চতিয়াল বৰ নামঘৰ প্ৰাংগনত আয়োজিত সংবাদমেলত জিলা সমাজৰ সম্পাদক টংকেশ্বৰ বৰুৱা, দিলীপ নেওগ, আনন্দ দাস, উপেন বৰা, গগন বৰা, দীপক বৰা, বনমালি শইকীয়াকে ধৰি শতাধিক ভকক-বৈষ্ণৱ, আই-মাতৃয়ে অংশ লয় । সংবাদমেলখনত নগাঁও, জামুগুৰিহাট, যোৰহাট আদি ৬ খন জিলা সমিতিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :Appeal for a piece of land: ধুবুৰীৰ অৰ্ধ শতাধিক দৰিদ্ৰ ভূমিহীন পৰিয়ালৰ বিননি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.