ETV Bharat / state

চামগুৰিৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ - নগাঁও সদৰ বন কাৰ্যালয়

বুধবাৰে নিশাও চামগুৰি উদমাৰি আৰু চাপানালা বনবিভাগে চামগুৰি বিভিন্ন অঞ্চলত হাতী খেদাৰ অভিযান অব্যাহত ৰাখে। বুধবাৰৰ নিশাও সংশ্লিষ্ট বিভাগটোৰ অৰ্ধশতাধিক বিষয়া-বনৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত বিয়লি ভাগৰ পৰা ব্যাপক ৰূপে আৰম্ভ কৰে হাতী খেদা অভিযান।

samuguri-man-elephant-conflict
চামগুৰিৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত
author img

By

Published : Dec 17, 2020, 5:22 PM IST

চামগুৰি,17 ডিচেম্বৰ : নগাঁও জিলাৰ চামগুৰিৰ বিভিন্ন অঞ্চলত দীৰ্ঘ দিন ধৰি বনৰীয়া হাতীয়ে চলাই আহিছে উপদ্ৰৱ। নিশা হ'লেই চামগুৰিৰ গেন্ধালি, উদমাৰি,কোৰুৱাবাহি আদি অঞ্চলত উপদ্ৰৱ চলাই আহিছে বনৰীয়া হাতীৰ জাকে ৷ যাৰ বাবে বনবিভাগৰ লোকে নিশা হ'লেই ফটকা,গুলী ফুটাই হাতী খেদাত ব্যস্ত হৈ পৰে । যাৰ ফলস্বৰূপে চামগুৰিৰ বিভিন্ন অঞ্চলৰ ৰাইজে প্ৰতিদিনাই উজাগৰী নিশা কটাব লগীয়া হৈছে।

চামগুৰিৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত

বুধবাৰে নিশাও চামগুৰি উদমাৰি আৰু চাপানালা বনবিভাগে চামগুৰি বিভিন্ন অঞ্চলত হাতী খেদাৰ অভিযান অব্যাহত ৰাখে। বুধবাৰৰ নিশাও সংশ্লিষ্ট বিভাগটোৰ অৰ্ধশতাধিক বিষয়া-বনৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত বিয়লি ভাগৰ পৰা ব্যাপক ৰূপে আৰম্ভ কৰে হাতী খেদা অভিযান। শালনা আঞ্চলিক বন বিভাগৰ নেতৃত্বত উদমাৰি আৰু চাপানালা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ লগতে নগাঁও সদৰ বন কাৰ্যালয়ৰ পৰা অহা বিষয়া-বনকৰ্মী সকলে শূণ্যলৈ গুলি চালনা কৰি,ফটকা ফুটাই পুনৰ আৰম্ভ কৰে অভিযান।

ইফালে স্থানীয় ৰাইজেও হাতে-হাতে জোঁৰ লৈ সহযোগ কৰে বন বিভাগৰ অভিযানকাৰী দলটোক। অৱশ্যে বুধবাৰৰ দোভাগ ৰাতি লৈ বনৰীয়া হাতীৰ বৃহৎ জাকটো নিৰ্ধাৰিত স্থানলৈ খেদি পঠিয়াবলৈ বন বিভাগ সক্ষম হয় যদিও খাদ্যৰ সন্ধানত জাকটো পুনৰ জনাঞ্চললৈ ঘুৰি অহাৰো আশংকা কৰা হৈছে ৷

লগতে পঢ়ক : ডিব্ৰুগড়ৰ বাণীপুৰত যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.