ETV Bharat / state

জুৰীয়াত ব্ৰয়লাৰ কুকুৰা ভৰ্তি গাড়ী হাইজেক

author img

By

Published : Nov 14, 2020, 3:23 PM IST

ক্ৰমশঃ অপৰাধীৰ ৰম্যভূমিলৈ পৰ্যবসিত হ'ব ধৰিছে জুৰীয়াৰ বিভিন্ন অঞ্চল। একাংশ দুস্কৃতিকাৰী এতিয়া নামি পৰিছে গাড়ী হাইজেকৰ দৰে জঘন্য অপৰাধত। শুকুৰবাৰে বৰঘাটৰ পৰা ব্ৰয়লা কুকুৰা ভৰ্তি এখন টাটা মবাইল গাড়ী মৈৰাবাৰী লৈ আহি থকা অৱস্থাত আদবাটতে জুৰীয়াৰ ধিংগাৱৰ জীয়াবুৰ ৰহমান নামৰ এজন দুৰ্বৃত্তৰ নেতৃত্বত কেইজনমান দুস্কৃতিকাৰীয়ে ব্ৰয়লাৰ ভৰ্তি গাড়ী খন হাইজেক কৰি জুৰীয়াৰ ধিং গাঁৱলৈ আনে।

samoguri-truck-hijack
জুৰীয়াত ব্ৰয়লাৰ কুকুৰা ভৰ্তি গাড়ী হাইজেক

চামগুৰি, 14 নৱেম্বৰ : ক্ৰমশঃ অপৰাধীৰ ৰম্যভূমি হৈছে পৰ্যবসিত হ'ব ধৰিছে জুৰীয়াৰ বিভিন্ন অঞ্চল । একাংশ দুস্কৃতিকাৰী এতিয়া নামি পৰিছে গাড়ী হাইজেকৰ দৰে জঘন্য অপৰাধত । শুকুৰবাৰে বৰঘাটৰ পৰা ব্ৰয়লা কুকুৰা ভৰ্তি এখন টাটা মবাইল গাড়ী মৈৰাবাৰী লৈ আহি থকা অৱস্থাত আদবাটতে জুৰীয়াৰ ধিংগাৱৰ জীয়াবুৰ ৰহমান নামৰ এজন দূৰ্বৃত্তৰ নেতৃত্বত কেইজনমান দুস্কৃতিকাৰীয়ে ব্ৰয়লাৰ ভৰ্তি গাড়ীখন হাইজেক কৰি জুৰীয়াৰ ধিং গাঁৱলৈ আনে।

গাওঁখনৰ ওমৰ ফাৰুক নামৰ লোকজনৰ ব্ৰয়লাৰ ফাৰ্মত ব্ৰয়লাৰ মুৰ্গী সমূহ নমাই থকা অৱস্থাতে আৰক্ষীয়ে গোপন সূত্ৰে জানিব পাৰি গাড়ীসহ ব্ৰয়লাৰ সমূহ জব্দ কৰে । ব্ৰয়লাৰ গাড়ীখন হাইজেক কৰাৰ বাবে ব্যৱহৃত স্কৰপিঅ' গাড়ীখনো আৰক্ষীয়ে জব্দ কৰে । অৱশ্যে ঘটনাৰ মূল অভিযুক্ত তথা স্কৰপিঅ'খনৰ চালক জীয়াবুৰ ৰহমানে আৰক্ষীৰ চকুত ধুলি দি পলাই সাৰিবলৈ সক্ষম হয় । ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

আনফালে, ব্ৰয়লাৰ গুদামৰ মালিক ওমৰ ফাৰুকে উক্ত ঘটনাক অস্বীকাৰ কৰিছে । ব্ৰয়লাৰ ফাৰ্মৰ মালিকৰ পৰা জিয়াবুৰ ৰহমানে দুই লাখ টকা পাবলগীয়া আছিল আৰু টকা নিদিয়াৰ কাৰণেই এনে কাণ্ড সংঘটিত হৈছে বুলি জানিবলৈ দিয়ে যদিও সমগ্ৰ ঘটনাৰ আঁৰৰ ৰহস্য আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব ৷

লগতে পঢ়ক: সংকটৰ গৰাহত মাগুৰি মতাপুং বিলৰ জৈৱ বৈচিত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.