ETV Bharat / state

এখন দলঙৰ বাবে জীয়াতু ভূগিছে ৰাইজে... - এবছৰ পূৰ্বে

ননৈৰ পৰা চামগুৰি সংযোগী এটা বিশেষ পথৰ ওপৰত থকা এখন গুৰুত্বপূৰ্ণ কাঠৰ দলঙৰ অতি জৰাজীৰ্ণ অৱস্থাৰ বাবে সম্প্ৰতি জীয়াতু ভূগিবলগীয়া হৈছে সেই পথেৰে নিতৌ যাতায়ত কৰা বৃহত্তৰ অঞ্চলটোৰ মহিলা-শিশুকে আদি কৰি কণ-কণ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে ৷

এখন দলঙৰ বাবে জীয়াতু ভূগিছে ৰাইজে
এখন দলঙৰ বাবে জীয়াতু ভূগিছে ৰাইজে
author img

By

Published : Feb 24, 2021, 12:47 PM IST

Updated : Mar 2, 2021, 2:18 PM IST

চামগুৰি,24 ফেব্ৰুৱাৰীঃ সীমাহীন দুৰ্দশাৰ মাজত দিন কটাবলৈ বাধ্য হৈছে চামগুৰিৰ উদমাৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত ননৈ চাহ বাগিচাৰ সৰ্ব সাধাৰণ ৰাইজ । ননৈ-চামগুৰি সংযোগী এটা বিশেষ পথৰ ওপৰত থকা এখন গুৰুত্বপূৰ্ণ কাঠৰ দলঙৰ অতি জৰাজীৰ্ণ অৱস্থাৰ বাবে সম্প্ৰতি জীয়াতু ভূগিবলগীয়া হৈছে, বৃহত্তৰ অঞ্চলটোৰ বহু সংখ্যক লোক ৷

এখন দলঙৰ বাবে জীয়াতু ভূগিছে ৰাইজে

উল্লেখযোগ্য যে, মাত্ৰ দুই-তিনিডাল কঁপি থকা লোহাৰ সৈতে পৰিত্যক্ত ৰূপত থকা দলঙখনত অৱশিষ্ট কেইডালমান কাঠৰ বাবে সৃষ্টি হৈছে বৃহৎ আকৃতিৰ ফাঁক । যিখন দলঙৰে বাহন লৈ যোৱাতো দূৰৈৰ কথা, দিনৰ পোহৰতে খোজকাঢ়ি পাৰ হোৱাতোও অতি বিপদসংকুল হৈ পৰিছে ৰাইজৰ বাবে । প্ৰায় 20 বছৰ পূৰ্বে বিধায়ক ৰকিবুল হুছেইনে উদঘাটন কৰা দলঙখন মেৰামতিৰ বাবে এতিয়া জন প্ৰতিনিধিৰ সদিচ্ছাৰ অভাৱ ৷ স্থানীয় ৰাইজে বহুবাৰ আহ্বান জনোৱাৰ পিছতো কাণসাৰ নাই বিধায়ক গৰাকীৰ ।

ইফালে মন্ত্ৰী কেশৱ মহন্তয়ো এবছৰ পূৰ্বে দলঙখন মেৰামতি অথবা পকীকৰণৰ ব্যৱস্থা কৰি দিব বুলি ৰাইজক প্ৰদান কৰি যোৱা প্ৰতিশ্ৰুতি যেন অসাৰ প্ৰতিপন্ন হৈছে । যাৰ বাবে গৃহ সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন আৰু মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধে চূড়ান্ত ক্ষোভ প্ৰকাশ কৰাৰ লগতে গৰিহণা প্ৰদান কৰিছে চাহ আদিবাসী ছাত্ৰ সন্থাৰ লগতে ভূক্তভোগী ৰাইজে ।

আনহাতে নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পূৰ্বে শীঘ্ৰে এই জৰাজীৰ্ণ দলঙখনৰ পকীকৰণৰ কাম আৰম্ভ কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰিছে অঞ্চলবাসীয়ে । অন্যথা অনাগত সময়ত স্থানীয় ৰাইজে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰিছে ৷

লগতে পঢ়কঃ বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান

Last Updated : Mar 2, 2021, 2:18 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.