নগাঁও,20 অক্টোবৰঃ নগাঁৱৰ পৰা প্ৰকাশ পালে দুটকাৰ মূল্যৰ ক্ষুদ্ৰ মাহেকীয়া আলোচনী "ৰূপান্তৰ-প্ৰজন্মৰ প্ৰতিধ্বনি" । সমাজ-সাহিত্য-সংস্কৃতিৰ মঞ্চ 'ৰূপান্তৰ' নামৰ অনুষ্ঠানটিৰ উদ্যোগত ভূমিস্থ হোৱা এই ক্ষুদ্ৰ আলোচনীখনৰ প্ৰস্তাৱনা সংখ্যাটি উন্মোচন কৰে বিশিষ্ট কবি-লেখক ড৹ শৰৎ বৰকটকীয়ে ।

নগাঁও ইলেক্ট্ৰ'নিক মিডিয়া এচ'ছিয়েশ্বনৰ কাৰ্যালয়ত ড৹ আবু হানিফাৰ সঞ্চালনাত এক সীমিত পৰিসৰৰ সভা অনুষ্ঠিত হয় । যুৱ লেখক গৌৰাংগ বৰাই সম্পাদনা কৰা এই ক্ষুদ্ৰ আলোচনীখনৰ উন্মোচনী সভাখনত গল্পকাৰ শিৱানন্দ কাকতিয়েও ভাষণ প্ৰদান কৰে ।
লগতে পঢ়কঃ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে নিখিল ৰাভা ছাত্ৰ সন্থাৰ জেহাদ ঘোষণা