নগাঁও, 29 মাৰ্চ: বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপক শৰ্মা শুক্ৰবাৰে নগাঁৱৰ অগপ কাৰ্যালয়ত অগপ কৰ্মীৰে এক আলোচনাচক্ৰত মিলিত হয় ৷ নিৰ্বাচন চমু চাপি অহাৰ প্ৰতি লক্ষ্য ৰাখি ৰূপক শৰ্মাৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ বহু নেতা অগপ কাৰ্যালয়ত আলোচনাত মিলিত হোৱাৰ অন্তত দাবী কৰে যে তেওঁলোকৰ দল বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ'ব ৷ আলোচনাৰ অন্তত ৰূপক শৰ্মা, মণিমাধৱ মহন্তৰ লগতে প্ৰফুল্ল কুমাৰ মহন্তৰ বহু ঘনিষ্ঠ নেতা - কৰ্মীৰ জয় নিশ্চিত বুলি ঘোষণা কৰে উপস্থিত নেতা সকলে ৷
উল্লেখ্য যে, অগপ - বিজেপিৰ মিত্ৰতাক লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ লগতে নগাওঁ জিলা অগপয়ো অসন্তুষ্টি প্ৰকাশ কৰিছিল ।