ETV Bharat / state

ঘাইপথৰ ওপৰত বাহন পাৰ্কিং কৰি পথ সুৰক্ষাৰ সজাগতা পৰিবহণ মন্ত্ৰীৰ

Road Safety Week : পৰিবহণ মন্ত্ৰীৰ দায়িত্ববোধৰ নিদৰ্শন ! ৰাষ্ট্ৰীয় ঘাইপথত কনভয়ৰ বাহন ৰখাই পথ সুৰক্ষাৰ সজাগতা পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ । পথচাৰীক একপ্ৰকাৰ বিপদত পেলাই পথ সুৰক্ষাৰ সজাগতাক সমালোচনা একাংশৰ ।

author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 8:08 PM IST

road safety week awareness programme
ঘাইপথৰ ওপৰত বাহন পাৰ্কিং কৰি পথ সুৰক্ষাৰ সজাগতা পৰিবহণ মন্ত্ৰীৰ
পথ সুৰক্ষাৰ সজাগতা পৰিবহণ মন্ত্ৰীৰ

নগাঁও, ২৬ ডিচেম্বৰ : ইংৰাজী নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত ৰাজ্যৰ প্রান্তে প্রান্তে পথ সুৰক্ষাৰ সজাগতা চলাই আহিছে ৰাজ্যৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । কিন্তু মঙলবাৰে নগাঁৱৰ চামগুৰিত পথ সুৰক্ষাৰ সজাগতাৰ নামত খোদ পৰিবহণ মন্ত্ৰীৰ কনভয়েই যেন অসুৰক্ষিত কৰিলে ৰাষ্ট্ৰীয় ঘাইপথৰ পথচাৰীক ।

মঙলবাৰে নগাঁৱৰ চামগুৰিত খোদ পৰিবহণ মন্ত্ৰীৰ লগত অহা কনভয়ৰ লগতে বিভাগীয় বাহন পাৰ্কিং কৰিলে ৰাষ্ট্ৰীয় ঘাইপথত । চামগুৰিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশত কোনো সাংকেতিক চিহ্ন নিদিয়াকৈয়েই বাহন ৰখাই পথৰ কাষত পথ সুৰক্ষাৰ ভাষণ প্ৰদান কৰে পৰিবহণ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ।

ৰাষ্ট্ৰীয় ঘাইপথটোৰ এটা অংশ একপ্ৰকাৰ অৱৰোধ কৰি পথ সুৰক্ষা সজাগতা সভা অনুষ্ঠিত কৰি বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰাইজক পথ সুৰক্ষাৰ উপদেশ দিয়া কাৰ্যই প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে একাংশৰ মাজত । ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতেই বাহন ৰখাই পথ সুৰক্ষাৰ সজাগতা চলোৱা সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত একপ্ৰকাৰ খৰ্গহস্ত হৈ পৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্য ।

নগাঁৱৰ চামগুৰি, পুৰণিগুদাম আদি অঞ্চলত অনুষ্ঠিত পথ সুৰক্ষা সজাগতা অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ মন্তব্য, "চৰকাৰে সুৰাৰ বিপণি খুলিব দিছে, কিন্তু সুৰাপান কৰি বাহন চলাবলৈ অনুমতি দিয়া নাই । দোকানত ছালফিউৰিক এচিডো পায়, কিন্তু পায় বাবেই সেয়া খাব নেকি ?" আনহাতে, চামগুৰি আৰু পুৰণিগুদামত পৃথকে পৃথকে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মটৰচাইকেল ৰেলীত অংশগ্ৰহণ কৰে আৰু পথ সুৰক্ষা সজাগতা অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

স্মৰ্তব্য যে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাহন ৰখাই পথচাৰীক অসুবিধাৰ সৃষ্টি কৰি পথ সুৰক্ষা সজাগতা অনুষ্ঠান কৰা কাৰ্যক সমালোচনা কৰিছে বিভিন্ন মহলে ।

লগতে পঢ়ক :শদিয়াৰ এনকাউণ্টাৰৰ ঘটনা; আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.