চামগুৰি,5 জুন: নগাঁও জিলাৰ চলচলিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ মাৰুতি এল্ট’ আৰু টেম্পুৰ মাজত হোৱা সংঘর্ষৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, নগাঁৱৰ পৰা ধিং অভিমুখে আহি আছিল এল্টখনৰ সৈতে নগাঁও অভিমুখে গৈ থকা টেম্পুখনৰ সংঘৰ্ষ হোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ৷ দুৰ্ঘটনা সংঘটিত হোৱা টেম্পুখন নম্বৰ AS-02-AC-5910 আৰু এল্ট’ খনৰ নম্বৰ AS-01-R-7790 ৷
দুৰ্ঘটনাটোৰ ফলত দুজন ব্যক্তি গুৰুতৰভাৱে আহত হৈছে । আহত হোৱা ব্যক্তি দুগৰাকীৰ ভিতৰত এগৰাকী মহিলা আৰু আনজন পুৰুষ ৷ সম্প্ৰতি তেওঁলোকৰ পৰিচয় উদ্ধাৰ হোৱা নাই বুলি জানিব পৰা গৈছে ৷ ইফালে ঘটনা সংঘটিত হোৱাৰ পাচতে গুৰুতৰভাৱে আহত দুয়োগৰাকীকে স্থানীয় লোকে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়কঃ টকা লৈ কোনে দিছিল কংগ্ৰেছৰ টিকট ?