ETV Bharat / state

Story of a retired teacher turned sculpture : এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ ভাস্কৰ্য শিল্পই মোহিত কৰিছে সহস্ৰজনক

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 4:15 PM IST

এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ ভাস্কৰ্য শিল্প ৷ যাৰ চিত্ৰকৰ্মই মোহিত কৰিছে সহস্ৰজনক ৷ ভাস্কৰ্য শিল্পৰ সমান্তৰালভাৱে চিত্ৰাংকন, সংগীত আদিতো আছে তেওঁৰ দখল ৷ সেইগৰাকী ভাস্কৰ্য শিল্পীৰ কথাৰে আজিৰ প্ৰতিবেদন...

Story of a Retired sculpture teacher
এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ ভাস্কৰ্য শিল্প
অৱসৰপ্ৰাপ্ত শিক্ষকৰ ভাস্কৰ্য শিল্পই মোহিত কৰিছে সহস্ৰজনক

ৰহা, ৯ নৱেম্বৰ : এজন ৬০ উৰ্ধৰ ব্যক্তি । ব্যক্তিগৰাকীৰ হাতত প্ৰাণ পাই উঠে কিছুমান নিৰ্জীৱ সামগ্ৰীয়ে । কেতিয়াবা যদি বাঁহৰ মূঢ়া নাইবা বিভিন্ন গছৰ মূঢ়ায়ো কৈ গৈছে বহু কথা, আন কেতিয়াবা আকৌ শিল্পীগৰাকীৰ সুলভ হাতৰ পৰশত শুকান নাৰিকলকে আদি কৰি বিভিন্ন পেলনীয়া সা-সামগ্ৰীয়েও প্ৰাণ পাই উঠা দেখিবলৈ পোৱা গৈছে ।

আমি উল্লেখ কৰা ব্যক্তিগৰকী হৈছে ৰহাৰ সুৰেন্দ্ৰ নাথ ৷ ৰহাৰ সুৰেন্দ্ৰ নাথ নামৰ এই ব্যক্তিগৰাকীয়ে শুকান নাৰিকলৰে চৰাই-চিৰিকতি, বাঁহৰ মূঢ়াৰে ড্ৰেগন, মুখাকে আদি কৰি বিভিন্ন প্ৰকাৰৰ ভাস্কৰ্য সা-সামগ্ৰী নিৰ্মাণ কৰি উলিয়াইছে ।

ভাস্কৰ্য শিল্পৰ সমান্তৰালভাৱে চিত্ৰাংকন, সংগীত আদিতো আছে তেওঁৰ অসাধাৰণ প্ৰতিভা । ৰহাৰ দীঘলদৰী গাঁও নিবাসী সুৰেন্দ্ৰ নাথ পেছাত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক । আজৰি সময়ত নিজক কিছু সৃষ্টিশীল কামত ব্যস্ত ৰাখিবলৈ এইদৰে অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে সাজি উলিয়াইছে আটকধুনীয়া ভাস্কৰ্য, কলাজ ইত্যাদি ।

১৯৪৩ চনত ৰহাৰ বিষ্ণু-জ্যোতি চিত্ৰাংকন বিদ্যালয়ত সুৰেন্দ্ৰ কুমাৰ নাথে গ্ৰহণ কৰিছিল চিত্ৰাংকনৰ শিক্ষা । তাৰ পিচতে ১৯৯১ চনত দীঘলদৰিৰ নিজ গৃহতে চিত্ৰলেখা কলা কেন্দ্ৰ নামেৰে এখন চিত্ৰাংকন বিদ্যালয় প্ৰতিষ্ঠা কৰি কণ-কণ শিশুসকলক বিনামূলীয়াকৈ প্ৰদান কৰি আহিছে চিত্ৰাংকনৰ শিক্ষা । আজিও এই বিদ্যালয়ত প্ৰতি দেওবাৰে অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ চিত্ৰাংকনৰ শিক্ষা প্ৰদান কৰি আহিছে সুৰেন্দ্ৰ কুমাৰ নাথে ।

চিত্ৰাংকনৰ সমান্তৰালভাৱে সংগীত চৰ্চা কৰিছিল এই প্ৰতিভাৱান ব্যক্তিগৰাকীয়ে ৷ সেইবাবে ২০০৭ চনত নগাঁও শেনচোৱাৰ ইমন কলাকেন্দ্ৰত শিক্ষা গ্ৰহণ কৰি ২০১৪ চনত তেওঁ সম্পূৰ্ণ কৰে সংগীত স্নাতক । আৰু তাৰ পিচৰে পৰা তেওঁ ঘৰতে প্ৰতিষ্ঠা কৰা এই চিত্ৰলেখা কলা কেন্দ্ৰত বিনামূলীয়াকৈ প্ৰদান কৰে সংগীত শিক্ষা ।

এই সকলো শিক্ষাৰ সমান্তৰালভাৱে তেওঁ নিজা বাসগৃহতে নিৰ্মাণ কৰিছে এক পুথিভঁৰাল । প্ৰান্তিক আলোচনীৰ পৰা আদি কৰি বিভিন্ন কিতাপ, খবৰ কাগজ আদিৰে ভৰি আছে তেওঁৰ পুথিভঁৰালটো । গাঁওখনৰ স্থানীয় লোকসকলে যাতে সম্পূৰ্ণ বিনামূলীয়াকৈ এই পুথিভঁৰালত কিতাপ পঢ়িব পাৰে তাৰো সুবিধা কৰি দিছে সুৰেন্দ্ৰ কুমাৰ নাথে ।

এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক, শিল্পী তথা সৃষ্টিশীল মনৰ গৰাকী সুৰেন্দ্ৰ নাথৰ কৰ্মৰাজিয়ে এতিয়া জয় কৰিবলৈ সক্ষম হৈছে অঞ্চলবাসীৰ হৃদয় , অনুপ্ৰাণিত কৰিছে সকলোকে ।

লগতে পঢ়ক : Pottery industry in Assam : দীপান্বিতাক লৈ বৃদ্ধি মৃৎশিল্পীৰ ব্যস্ততা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.