ETV Bharat / state

ঠেকেৰাগুৰিৰ ডাব নাৰিকলৰ ব্যৱসায়ত মন্দাৱস্থা - Restriction on Inter state transport hits coconut market at thekeraguri

এতিয়া ৰাজ্যত ৰ’দৰ খাও-খাও মূৰ্তি ৷ এই গৰমৰ দিনকেইটাত আপোনাৰ দেহক প্ৰয়োজন শীতল পানীয়ৰ ৷ বাৰু কি সেৱন কৰি ভালপায় আপুনি ? কোকাকোলা, স্প্ৰাইট নে আন ডাবৰ পানী ? কিন্তু গৰমৰ দিন স্বত্বেও ঠেকেৰাগুৰিৰ ডাব ব্যৱসায়ীসকলৰ মাজত দেখা দিছে মন্দাৱস্থাই ৷ কিন্তু কিয় ?

restriction-on-inter-state-transport-hits-coconut-market-at-thekeraguri
ঠেকেৰাগুৰিৰ ডাব নাৰিকলৰ ব্যৱসায়ত মন্দাৱস্থা
author img

By

Published : Jul 26, 2021, 6:43 PM IST

নগাঁও, 26 জুলাই : ৰাজ্যৰ অৰ্থনীতিত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা মধ্য অসমৰ ঠেকেৰাগুৰিৰ ডাব নাৰিকলৰ লগতে বাঁহ-বেত শিল্পৰ বজাৰখনত এতিয়া নিমাওমাও পৰিৱেশ বিৰাজমান ৷ ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে একপ্ৰকাৰে বিক্ৰী বন্ধ হৈ পৰিছে বজাৰখনৰ ব্যৱসায়ীসকলৰ ৷ পূৰ্বে ডাব খাবলৈ গ্ৰাহকে শাৰী পাতিবলগীয়া বজাৰখনত এতিয়া গ্ৰাহকৰ অপেক্ষাত পুৱাৰ পৰা গধূলিলৈ বহি থাকিবলগীয়া হৈছে ব্যৱসায়ীসকল ৷ যাৰ বাবে তীব্ৰ অৰ্থ সংকটত পৰিছে ব্যৱসায়ীসকল ৷

উল্লেখ্য যে, উজনি-নামনিলৈ যাতায়াত কৰা প্ৰতিজন যাত্ৰীৰেই দৃষ্টি আকৰ্ষণ কৰে এই বজাৰখনে ৷ বিভিন্ন শীতল পানীয়ক প্ৰত্যাহ্বান জনাই যাত্ৰীক উৎকট গৰমৰ পৰা কিছু হ’লেও পৰিত্ৰাণ দিয়াৰ প্ৰয়াস কৰি আহিছে নগাঁও-মৰিগাঁও জিলাৰ সীমান্তৰ ঠেকেৰাগুৰিৰ এই ডাব নাৰিকলৰ বজাৰখনে ৷ মধ্য অসমৰ মাজেৰে যাতায়াত কৰা প্ৰায় প্ৰতিজন যাত্ৰীয়েই এপলক হ’লেও ৰৈ সোৱাদ লয় এইখন বজাৰত উপলব্ধ ডাবৰ ৷ কেৱল ডাব নাৰিকলেই নহয় বাঁহ-বেতেৰে নিৰ্মাণ কৰা বিভিন্ন সামগ্ৰীও বিক্ৰী কৰা হয় বজাৰখনত ৷

ঠেকেৰাগুৰিৰ ডাব নাৰিকলৰ ব্যৱসায়ত মন্দাৱস্থা

লগতে পঢ়কঃ পুনৰ অশান্ত হৈ পৰিছে অসম-মিজোৰাম সীমান্ত

এখন-দুখনকৈ ঠেকেৰাগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ক্ৰমান্বয়ে গঢ়ি উঠিছে প্ৰায় অৰ্ধ শতাধিক ডাব নাৰিকল আৰু বাঁহ-বেতৰ সামগ্ৰীৰ দোকান ৷ এই ব্যৱসায়টোৰ সৈতে অঞ্চলটোৰ মহিলাসকলো জড়িত হৈ পৰিছে ৷ বিভিন্ন গ্ৰামাঞ্চলৰ পৰা ডাব কিনি ঠেকেৰাগুৰিত এনেদৰে বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছে অঞ্চলটোৰ বহু মহিলাই ৷

বৰ্তমান সময়ত দেশৰ অৰ্থনীতিলৈ সংকট নমাই অনা ক'ভিড মহামাৰীৰ প্ৰভাৱ পৰিছে এইসকল ব্যৱসায়ীৰ মাজত ৷ পূৰ্বে পুৱাৰ পৰা দুপৰ নিশালৈকে ডাব বিক্ৰীত ব্যস্ত থকা এইসকল ব্যৱসায়ীয়ে এতিয়া দিনৰ দিনটো গ্ৰাহকৰ অপেক্ষাত পাৰ কৰিবলগীয়া হৈছে ৷ আনকি দৈনিক 50 টকাও উপাৰ্জন কৰিবলৈ সক্ষম হোৱা নাই কোনো এজন ব্যৱসায়ী ৷ যাৰ বাবে এতিয়া তীব্ৰ অৰ্থ সংকটত পৰি কিছু আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে ব্যৱসায়ীসকলে ৷

লগতে চাওকঃ ঈশান উদয় বৃত্তি: মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ কৰ্মচাৰী আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.