হোজাই,11 মাৰ্চ: কংগ্ৰেছৰ পৰা পদত্যাগ প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দেৰ ৷ হোজাই সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ জ্যেষ্ঠ নেতা গৰাকীৰ নাম দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে কংগ্ৰেছৰ পৰা বৃহস্পতিবাৰে পদত্যাগ কৰে কংগ্ৰেছী নেতাগৰাকীয়ে ৷
উল্লেখ্য যে, হোজাই সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দেৰ নামৰ বিপৰীতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকাত নাম অন্তৰ্ভুক্ত হ’ল দেৱব্ৰত সাহাৰ ৷ যাৰ বাবে ক্ষোভিত হৈ পৰিছে জ্যেষ্ঠ নেতাগৰাকী ৷ সেয়ে প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে-এ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰালৈ বৃহস্পতিবাৰে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ৷
লগতে পঢ়কঃ মোৰ কোনো প্ৰতিদ্বন্দ্বি নাই: মনোনয়ন দাখিল কৰি মন্তব্য কমলাক্ষ দে' পুৰকায়স্তৰ