কামপুৰ,26 জানুৱাৰী : সমগ্ৰ দেশতে উদযাপন কৰা হৈছে 72 সংখ্যক গণৰাজ্য দিৱস ৷ দেশৰ আন আন প্ৰান্তৰ লগতে কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰতো কেন্দ্ৰীয় ভাৱে উদযাপন কৰা হয় 72 সংখ্যক গণৰাজ্য দিৱস । গণৰাজ্য দিৱসৰ এই কাৰ্যসূচীত পুৱা পতাকা উত্তোলন কৰে কামপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ড0 সংগীতা বৰঠাকুৰে |
কামপুৰত কেন্দ্ৰীয় ভাৱে উদযাপন কৰা এই কাৰ্যসূচীত আৰক্ষী জোৱান আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা প্ৰদৰ্শিত কৰা হয় কুজ-কাৱাজ ৷ ইয়াৰ পাছতেই কেইবাটাও জাতি-জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন কৰা হয় কামপুৰৰ এই গণৰাজ্য দিৱসৰ অনুষ্ঠানত ৷
কামপুৰত কেন্দ্ৰীয় ভাৱে উদযাপন কৰা এই কাৰ্যসূচীত কামপুৰৰ দুই কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷ লগতে বিগত উচ্চতৰ মাধ্যমিকত কলা শাখাত অসমৰ ভিতৰতে প্ৰথম স্থান পোৱা ক্ৰমে শ্ৰদ্ধা গোঁহাই আৰু বিজ্ঞান শাখাত সপ্তম স্থান পোৱা শ্বৱনম গুঞ্জন বৰা কামপুৰ অঞ্চলৰ সাহিত্য সংস্কৃতিৰ দিশত আগবঢ়া কেইবাগৰাকী ব্যক্তিকো সম্বৰ্ধনা জনোৱা হয় ৷
লগতে পঢ়ক : ৭২ সংখ্যক গণৰাজ্য দিৱসৰ দিনাই তিনিচুকীয়াত উৰিল আলফা (স্বা)ৰ পতাকা