কলিয়াবৰ,১৭ জানুৱাৰী: ৰাজ্যই আজি পালন কৰিছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৪ সংখ্যক স্মৃতি দিৱস । সৰ্বগুণসম্পন্ন অসমৰ অন্যতম শ্ৰেষ্ঠ অসমীয়া জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া কথাছবিৰ জনক । তেখেতে একক প্ৰচেষ্টাৰে প্ৰথম আৰু দ্বিতীয়খন অসমীয়া কথাছবি নিৰ্মাণ কৰিছিল । জয়মতী (১৯৩৫), ইন্দ্ৰমালতী (১৯৩৯) নিৰ্মাণ কৰি অসমীয়া কথাছবি জগতৰ যাত্ৰা আৰম্ভ কৰিছিল ।
ৰূপকোঁৱৰৰ আছিল কলিয়াবৰৰ সৈতে এক বিশেষ সম্পৰ্ক । এই সম্পৰ্ক আৰম্ভ হৈছিল 'জয়মতী' কথাছবিৰ নিৰ্মাণ কালত । এই কথাছবিখনত কলিয়াবৰৰ এগৰাকী সব্যসাচী কুশীলৱ প্ৰয়াত হৰেন্দ্ৰনাথ শৰ্মা আৰু এক আপুৰুগীয়া সমল এখন বৃহদাকাৰ শৰাই অভিন্ন অংগ আছিল । জ্যোতিপ্ৰসাদৰ একান্ত ভক্ত আছিল কলিয়াবৰৰ ভলাগুৰি বিশিষ্ট কলা-কৃষ্টিৰ সেৱক হৰেন্দ্ৰনাথ শৰ্মা । ৰূপকোঁৱৰে 'জয়মতী'ক কথাছবিত জীৱন্ত ৰূপ দিবলৈ দৃঢ় সংকল্প লৈছিল ।
নটসূৰ্য ফণী শৰ্মাকো শিল্পী নিৰ্বাচনৰ দায়িত্ব দিলে । 'কহিনুৰ অপেৰা'ত নৃত্য শিকাবলৈ যাওঁতে নটসূৰ্য ফণী শৰ্মাই লগ পাইছিল কলিয়াবৰৰ হৰেন্দ্ৰনাথ শৰ্মাক । সেই সময়ত শৰ্মাক তেজপুৰলৈ নটসূৰ্যই মাতি পঠিয়াই । তাতে নিৰ্বাচন কৰি হৰেন্দ্ৰনাথ শৰ্মাক ভলাগুৰি লৈ পঠিয়াই দিয়ে । যান-বাহনৰ কোনো ব্যৱস্থা নথকাত খোজকাঢ়িয়েই শৰ্মা গহপুৰৰ ভলাগুৰি পালেগৈ । ভলাগুৰিত গৈ শোণিত কোঁৱৰ গজেন বৰুৱাক লগ কৰে ।
হৰেন্দ্ৰনাথ শৰ্মাক 'নিনাও চোৰাংচোৱা'ৰ ভাৱত অভিনয়ৰ বাবে নিৰ্বাচিত হ'ল । লগতে 'জয়মতী' কথাছবিৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰী গোটোৱাত দায়িত্বও পৰিল কলিয়াবৰৰ হৰেন্দ্ৰনাথ শৰ্মাৰ ওপৰত । কলিয়াবৰৰ শ্ৰীশ্ৰীকৰতিপাৰ পুৰণি সত্ৰৰ পৰা পোন্ধৰ শতিকাৰ এখন বৃহৎ আকাৰৰ শৰাই নিয়াৰ ব্যৱস্থা কৰিছিল শৰ্মাই । 'জয়মতী' কথাছবিত বহি থকা জয়মতীৰ সমুখত থকা শৰাইখন কলিয়াবৰৰ, যিখন শৰাই হৰেন্দ্ৰনাথ শৰ্মাৰ বিশেষ তত্বাৱধানত নিয়া হৈছিল ।
'জয়মতী' কথাছবিৰ মুক্তিৰ পাছত ছবিখনৰ প্ৰচাৰৰ বাবে হৰেন্দ্ৰনাথ শৰ্মাক ৰূপকোঁৱৰে নামনি অসমৰ 'অৰ্গেনাইজৰ' কৰি পঠিয়াইছিল । পৰৱৰ্তী সময়ত হৰেন্দ্ৰনাথ শৰ্মাই ৰূপকোঁৱৰৰ 'ইন্দ্ৰমলতী' কথাছবিত এজন নাৱৰীয়াৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ লগতে ছবি প্ৰযোজনাৰ বিভিন্ন দিশ চোৱা-চিতা কৰিছিল । নৃত্য-গীত-অভিনয়ৰ চৰ্চাৰ সমান্তৰালকৈ ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী অগ্ৰণী মুক্তি যুঁজাৰু আছিল শৰ্মা ।
বৃটিছৰ বিৰুদ্ধে আন্দোলনৰ কালত সুদীৰ্ঘ সোতৰ মাহ নগাঁও আৰু তেজপুৰ কাৰাগাৰত কাৰাৰুদ্ধ জীৱন কটালেও হৰেন্দ্ৰনাথ শৰ্মাৰ শিল্পীসত্তা কাৰাৰুদ্ধ নহ'ল । ভাৰত চৰকাৰে তাম্ৰ পত্ৰৰে মুক্তি যুঁজাৰু সন্মান প্ৰদান কৰিছিল শৰ্মাক । ভাৰতে স্বাধীনতা লাভ কৰাৰ পৰৱৰ্তীকালত ১৯৪৮ চনত লক্ষ্ণৌৰ ভাটখাণ্ডেত আনুষ্ঠানিকভাৱে চেতাৰ আৰু ভায়লিনৰ শিক্ষা গ্ৰহণ কৰি অসমৰ বিভিন্ন স্থানত সংগীতৰ শিক্ষা প্ৰদান কৰিছিল ।
সংগীতৰ বিশাল ক্ষেত্ৰখনত নিজকে বিলাই দিয়াৰ এই সংগ্ৰামী সত্বাৰ গৰাকী সংসাৰ ধৰ্ম পালন কৰিবলৈ সময়ে নাপালে । কলিয়াবৰৰ ঐতিহাসিক শ্ৰীশ্ৰী ভলাগুৰি সত্ৰত ১৯১১ চনৰ ২১ কাতিত জন্মগ্ৰহণ কৰি হৰেন্দ্ৰ নাথ শৰ্মাই সত্ৰীয়া পৰিৱেশত ডাঙৰ-দীঘল হৈ সত্ৰীয়া নৃত্য-গীত-ভাওনাৰ এগৰাকী দক্ষ কুশীলৱ ৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল । ১৯৮৩ চনৰ ২ আগষ্টত ইহলীলা সম্বৰণ কৰা হৰেন্দ্ৰ নাথ শৰ্মাই প্ৰকৃততে যোগ্য সন্মানৰ পৰা বঞ্চিত হৈ থাকিল ।
লগতে পঢ়ক: 2023 বৰ্ষৰ ভোগদৈপৰীয়া সাহিত্য বঁটা কবি-নাট্যকাৰ অখিল চক্রৱর্তীলৈ