ETV Bharat / state

ৰকিবুল হুছেইনক প্ৰাণৰ ভাবুকিৰ আঁৰৰ ৰহস্য কি ?

author img

By

Published : Jul 1, 2021, 9:34 PM IST

Updated : Jul 1, 2021, 10:21 PM IST

মঙলবাৰে মাজনিশা প্ৰাক্তন প্ৰভাৱশালী মন্ত্ৰী ৰকিবুল হুছেইনক ( rockybul hussain) ফোনযোগে ভাবুকি প্ৰদানৰ অভিযোগ উত্থাপন কৰিছে ৰকিবুল হুছেইনে । হুছেইনক প্ৰাণনাশৰ ভাবুকি দিয়া বুলি এটা নিৰ্দিষ্ট ফোন নম্বৰসহ আৰক্ষী থানাত এজহাৰ দাখিল কৰিছে ৰকিবুল হুছেইনে । আনহাতে সংবাদ মেলত ৰকিবুল হুছেইনক ভাবুকি দিয়া ফোন ৰেকৰ্ডিং বিচৰাত ৰকিবুল হুছেইনৰ হাতত নাই বুলি উল্লেখ কৰে ৷

ৰকিবুলক ভাবুকি নে কংগ্ৰেছৰ অন্তঃকন্দল !
ৰকিবুলক ভাবুকি নে কংগ্ৰেছৰ অন্তঃকন্দল !

নগাঁও, 1জুলাই : ৰকিবুল, ৰিপুন বৰাক জগৰীয়া কৰি এজনৰ পিছত এজন কংগ্ৰেছ নেতাই দল ত্যাগ কৰাৰ পিছতো সঁচাকৈয়ে কংগ্ৰেছত অব্যাহত আছে নেকি ৰকিবুল, ৰিপুনৰাজ ? তৃণমূল পৰ্যায়ৰ বহু কংগ্ৰেছ কৰ্মীৰ মনত এনে প্ৰশ্ন উত্থাপন হৈছে । সেই সময়তে প্ৰত্যক্ষভাৱে ৰকিবুল হুছেইনক এনে প্ৰশ্ন কৰি ৰোষত পৰিছে এগৰাকী ৰাজ্যিক পৰ্যায়ৰ কংগ্ৰেছ নেতা । উল্লেখযোগ্য যে, এসময়ৰ বহু প্ৰতাপী মন্ত্ৰী ৰকিবুল হুছেইনে (rockybul hussain) বুধবাৰে নগাঁও ৰাজীৱ ভৱনত আয়োজন কৰিছিল এক সংবাদ মেলৰ । অভিযোগ আছিল বিস্ফোৰক ।

ঘটনা অনুসৰি মঙলবাৰে মাজনিশা প্ৰাক্তন প্ৰভাৱশালী মন্ত্ৰীগৰাকীক ফোনযোগে ভাবুকি প্ৰদানৰ অভিযোগ উত্থাপন কৰিছে ৰকিবুল হুছেইনে । হুছেইনক প্ৰাণনাশৰ ভাবুকি দিয়া বুলি এটা নিৰ্দিষ্ট ফোন নম্বৰসহ আৰক্ষী থানাত এজহাৰ দাখিল কৰে ৰকিবুল হুছেইনে । আনহাতে সংবাদ মেলত ৰকিবুল হুছেইনক ভাবুকি দিয়া ফোন ৰেকৰ্ডিং বিচৰাত ৰকিবুল হুছেইনৰ হাতত নাই বুলি উল্লেখ কৰিছিল ৷

আনহাতে, এই সমগ্ৰ ঘটনাৰ সৰ্ন্দভত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচতে সন্ধিয়া ফোন নম্বৰৰ গৰাকীয়ে নিজেই ৰাজহুৱা কৰিছিল ৰকিবুল হুছেইনৰ সৈতে হোৱা বার্তালাপৰ ফোন ৰেকৰ্ডিং । ৰকিবুল হুছেইনে অভিযোগ কৰা ফোন নম্বৰৰ গৰাকী হৈছে জাহিদুৰ ৰহমান ।

উল্লেখযোগ্য যে, জাহিদুৰ ৰহমান অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক । কংগ্ৰেছ ধ্বংসৰ বাবে ফোনকলটোত জাহিদুৰে জগৰীয়া কৰিছিল ৰকিবুল হুছেইনক । বুধবাৰে নিশা ৰকিবুল হুছেইনৰ বিৰুদ্ধে গুৱাহাটীৰ হাটীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে কংগ্ৰেছ নেতা জাহিদুৰ ৰহমানে ।

ৰকিবুল হুছেইনক প্ৰাণৰ ভাবুকিৰ আঁৰৰ ৰহস্য কি ?

ইপিনে নগাঁও সদৰ আৰক্ষী থানাত ৰকিবুল হুছেইনে দাখিল কৰা অভিযোগৰ ভিত্তিতে নগাঁও আৰক্ষীয়ে নিশাই গুৱাহাটীৰ পৰা আটক কৰে কংগ্ৰেছ নেতা জাহিদুৰ ৰহমানক । ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে আটকাধীন জাহিদুৰক জেৰা অব্যাহত ৰখাৰ লগতে অব্যাহত ৰাখিছে তদন্ত । একেদৰে ৰকিবুল হুছেইনে মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতা জাহিদুৰে । নিজেই ফোন ৰেকৰ্ডিং ৰাজহুৱা কৰাৰ কথাও উল্লেখ কৰি ৰকিবুল হুছেইনক ভাবুকি দিয়া ফোন ৰেকর্ডিং ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনাইছে জাহিদুৰ ৰহমানে ।

উল্লেখযোগ্য যে, মাত্ৰ কেইদিনমান পূৰ্বে ৰকিবুল হুছেইন, ৰিপুন বৰাক জগৰীয়া কৰি বিধায়ক পদৰ লগতে কংগ্ৰেছ দলে ত্যাগ কৰিছিল ৰূপজ্যোতি কুর্মীয়ে । ৰূপজ্যোতি কুৰ্মীৰ দল ত্যাগৰ জোকাৰণি অব্যাহত থকাৰ সময়তে দুই কংগ্ৰেছ নেতাৰ এটা কল ৰেকৰ্ডিং আৰু আৰক্ষী থানাত দিয়া এজহাৰে দলটোৰ আভ্যন্তৰৰ কন্দলকে স্পষ্ট কৰিছে নেকি ? সঁচাকৈয়ে কংগ্ৰেছ ধ্বংসৰ আঁৰত আছে নেকি ৰকিবুল হুছেইন ?

এনে বহু প্ৰশ্নই এতিয়া উত্থাপন হৈছে বহু কংগ্ৰেছীৰ মাজতেই । অইন যিয়েই নহওক এনে কিছু ঘটনাই বিধ্বস্তপ্ৰায় দলটোক যে আৰু অধিক ক্ষতিগ্ৰস্ত কৰিব সেয়া কিন্তু একপ্ৰকাৰ নিশ্চিত ।

লগতে পঢ়কঃ অখিলৰ মুক্তিত উৎফুল্লিত শিৱসাগৰবাসী

Last Updated : Jul 1, 2021, 10:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.