চামগুৰি, ১৪ ডিচেম্বৰ : বৰ্তমান ইটোৰ পাছত সিটো অভিযোগেৰে ভাৰাক্ৰান্ত হৈছে বাজিয়া উন্নয়ন খণ্ড (allegation against Bajia Development Block) । তাৰ মাজতে পুনৰ বিতৰ্কত সোমাই পৰিছে চামগুৰিৰ ৰঙাগড়া পঞ্চায়ত (controversy in Rangagara panchayat of Samguri) ।
এইবাৰ পুনৰ বিতৰ্কত সাঙোৰ খাই পৰিছে ৰঙাগড়া আঞ্চলিক পঞ্চায়তৰ সদস্য বিতু দাসগুপ্তা (Rangagara anchalik panchayat member in controversy) । পঞ্চায়তটোৰ অন্তৰ্গত একাংশ লোকে সদস্যগৰাকীৰ বিৰুদ্ধে উত্থাপন কৰিছে আন এক অভিযোগ । ৰঙাগড়া পঞ্চায়তৰ অন্তৰ্গত চকীটূপ গাঁৱৰ ৰাইজে এইবাৰ উত্থাপন কৰিছে এই অভিযোগ ।
চকীটূপ গাঁৱৰ এখন খেলপথাৰত ২০২১-২২ বৰ্ষত ভূমি পূৰণ আৰু সীমাবেৰৰ নামত আবণ্টন হৈছিল প্ৰায় ৮,১৮,১২২ টকা (allegation against anchalik panchayat member) । কিন্তু আজি পৰ্যন্ত সম্পূৰ্ণ নহ'ল উক্ত কাম । বৰঞ্চ মাত্ৰ দহ গাড়ীমান মাটি পেলায়েই দায়িত্ব সামৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ।
ইয়াৰ উপৰি খেলপথাৰখনত সমান নকৰাকৈ দহ গাড়ীমান মাটি দমবান্ধি পেলাই থোৱাৰ ফলত বৰ্তমান সময়ত বিভিন্ন খেল অনুষ্ঠিত কৰাৰ অনুপযোগী হৈ থকাৰ বাবে অসন্তুষ্টি ব্যক্ত কৰে স্থানীয় লোকসকলে । বিশেষকৈ আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকীক বিভিন্ন সময়ত এই খেলপথাৰখনৰ সম্পৰ্কে কৈ আহিছে যদিও সদস্যগৰাকীয়ে দায়সৰা মন্তব্য দি আহিছে বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ।
বৰ্তমান সদস্যগৰাকীৰ বিৰুদ্ধে এই আঁচনিৰ ধন আত্মসাৎ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে । এতিয়া প্ৰশ্ন হ'ল, ৰাইজৰ অভিযোগক কাণসাৰ দিবনে আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকীয়ে ? বিভাগীয় কৰ্তৃপক্ষই চকু দিবনে এনেবোৰ আঁচনিত ? এই সকলো পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব ।
লগতে পঢ়ক :Crime in Bongaigaon: বঙাইগাঁৱত দিন দুপৰতে ডকাইতে লুটিলে লক্ষাধিক টকা