ETV Bharat / state

মানসিকভাৱে গভীৰ হতাশ টিকট বঞ্চিত ৰাজেন গোহাঁই

author img

By

Published : Mar 6, 2021, 5:34 PM IST

ক্ৰমান্বয়ে যেন তেওঁ এলাগী হৈ পৰিছে ,হয়টো দূৰত্বও বাঢ়িছে শীৰ্ষ নেতৃত্বৰে ৷ কি 2019ৰ লোকসভা নিৰ্বাচন, কি 2021ৰ বিধানসভা নিৰ্বাচন ৷ দলীয় টিকট লাভ কৰাৰ ক্ষেত্ৰত প্ৰতিবাৰেই ব্যৰ্থ এসময়ৰ শক্তিশালী নেতাগৰাকী ৷ 1999 চনৰ পৰা একেৰাহে 2014 চন পৰ্যন্ত চাৰিবাৰকৈ নগাঁও লোকসভা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা প্ৰাক্তন সাংসদ তথা মন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি এইগৰাকী ৰাজেন গোঁহাইৰ ৰাজনৈতিক জীৱনত যেন কোনোবাখিনিত কেনা লাগিল ৷ হয়টো ন-বিজেপিৰ ৰাজনীতিৰ পাশাখেলত দিশহাৰা হৈ পৰিছে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকী ৷

rajen-gohain-special
মানসিকভাৱে গভীৰ হতাশ টিকট বঞ্চিত ৰাজেন গোহাঁই

নগাঁও, 6মাৰ্চ: ক্ৰমান্বয়ে যেন তেওঁ এলাগী হৈ পৰিছে ,হয়টো দূৰত্বও বাঢ়িছে শীৰ্ষ নেতৃত্বৰে ৷ কি 2019ৰ লোকসভা নিৰ্বাচন,কি 2021ৰ বিধানসভা নিৰ্বাচন ৷ দলীয় টিকট লাভ কৰাৰ ক্ষেত্ৰত প্ৰতিবাৰেই ব্যৰ্থ এসময়ৰ শক্তিশালী নেতাগৰাকী ৷ 1999 চনৰ পৰা একেৰাহে 2014 চন পৰ্যন্ত চাৰিবাৰকৈ নগাঁও লোকসভা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা প্ৰাক্তন সাংসদ তথা মন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি এইগৰাকী ৰাজেন গোঁহাইৰ ৰাজনৈতিক জীৱনত যেন কোনোবাখিনিত কেনা লাগিল ৷ হয়টো ন-বিজেপিৰ ৰাজনীতিৰ পাশাখেলত দিশহাৰা হৈ পৰিছে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকী ৷

১৯৯১ চনৰে পৰা বিজেপিৰ সৈতে জড়িত এইগৰাকী বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোঁহাই এতিয়া মানসিকভাৱে হৈ পৰিছে হতাশ ৷ নহ'বনো কিয় কাৰণ তেওঁ যে নিৰ্বাচনী ৰণৰ পৰাজিত যোদ্ধা নহয় ৷ এইগৰাকী টিকট বঞ্চিত প্ৰাক্তন সাংসদ তথা মন্ত্ৰী ৰাজেন গোঁহাইয়ে থোকাথুকি মাতেৰে সংবাদমাধ্যমক ক'লে, দলীয় পতাকা বুকুত লৈয়ে মই মৃত্যুবৰণ কৰিব বিচাৰোঁ ৷ জীৱনৰ শেষ নিশ্বাস পৰ্যন্ত মই বিজেপিতে থাকিম ৷ মই দলৰ পৰা পদত্যাগ নকৰোঁ ৷

উল্লেখ্য যে, 2019ৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব নাপাই বিজেপি ত্যাগ কৰিছিল প্ৰাক্তন জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন সাংসদ আৰ পি শৰ্মাই ৷ ন বিজেপি একাংশ নেতাৰ প্ৰতি আঙুলি টোৱাই বিজেপি দল ধ্বংসৰ গতিলৈ আগবাঢ়িছে বুলিও দল ত্যাগৰ আগমূহুৰ্তত মন্তব্য কৰিছিল আৰ পি শৰ্মাই ৷ মন কৰিবলগীয়া কথা যে, যি সময়ত অসমত বিজেপিৰ অস্তিত্ব বুলিবলৈ বিশেষ একো নাছিল, সেই সময়ত অক্নান্ত সাহস, কষ্ট, মনোবলেৰে বিজেপিৰ ধ্বজা উৰুৱাই ৰাখিছিল ৰাজেন গোঁহাই, আৰ পি শৰ্মাৰ দৰে নেতাই ৷

প্ৰশ্ন হ'ল, সঁচাকৈয়ে ন বিজেপিৰ আগমণৰ লগে লগে পুৰণি বিজেপি নেতা-কৰ্মীক অৱহেলা কৰা হৈছে নেকি ? ন বিজেপিয়ে আগুৰি ধৰা বৰ্তমানৰ বিজেপিত কিয় বছৰ বছৰ ধৰি দলৰ হকে নিষ্ঠা সহকাৰে কাম কৰা এজনৰ পিচত আনজন জ্যেষ্ঠ বিজেপি নেতা দলীয় টিকট লাভ কৰাত বঞ্চিত হ'ব লগা হৈছে ? নে শাসনৰ গাদীৰ যুঁজত নিষ্ঠাৱান কৰ্মীৰ মূল্য কেৱল মাত্ৰ এটা শূণ্য !!!

লগতে পঢ়ক:প্ৰাসংগিক প্ৰেক্ষাপটঃ আজিৰ অতিথি জয়শ্ৰী গোস্বামী মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.