ETV Bharat / state

ৰাজেন গোহাঁইৰ অনুপস্থিতিত প্ৰস্তুত নগাঁও লোকসভা নিৰ্বাচনৰ ৰণকৌশল - Rajen Gohain has gone unimportant in BJP

বিজেপিত যেন ক্ৰমাৎ গুৰুত্বহীন হৈ পৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই (Rajen Gohain has gone unimportant in BJP) । চাৰিবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈ কেন্দ্ৰীয় মন্ত্ৰিত্বও লাভ কৰাৰ পিছত এটা বিতৰ্কত সাঙোৰ খোৱাৰ বাবে দলীয় প্ৰাৰ্থিত্বৰ পৰাও বঞ্চিত হোৱা ৰাজেন গোহাঁই সম্প্ৰতি যেন একাষৰীয়া হৈ পৰিছে বিজেপি দলত । হঠাৎ কিয় উত্থাপন হৈছে এই প্ৰসংগ জানিবলৈ চাওক ইটিভি ভাৰতৰ এই বিশেষ প্ৰতিবেদন ।

BJP meeting in Nagaon
ৰাজেন গোহাঁইৰ অনুপস্থিতিত প্ৰস্তুত নগাঁও লোকসভা নিৰ্বাচনৰ ৰণকৌশল
author img

By

Published : Aug 28, 2022, 8:17 PM IST

নগাঁও, 28 আগষ্ট : বিজেপিত ক্ৰমাৎ যেন গুৰুত্ব হেৰুৱাইছে একেৰাহে চাৰিবৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁইয়ে । আজি যেন দলটোৰ পৰা একাষৰীয়া হৈ পৰিছে ৰাজেন গোহাঁই (Rajen Gohain has gone unimportant in BJP) । তাৰ জ্বলন্ত প্ৰমাণ বিজেপিৰ এখন সভা (BJP meeting in Nagaon) ।

দেওবাৰে নগাঁও চহৰৰ বীণাপানী নাট্যমন্দিৰ প্ৰাংগনত লোকসভা প্ৰবাস যোজনাৰ অধীনত অনুষ্ঠিত হয় অসম প্ৰদেশ বিজেপিৰ এখন গুৰুত্বপূৰ্ণ সভা (BJP started Lok Sabha election preparation) । কেন্দ্ৰৰ নিৰ্দেশ মতেই কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৰ উপস্থিতিত দেওবাৰে আয়োজিত হয় বিজেপিৰ এই গুৰুত্বপূৰ্ণ সভাখন ।

ৰাজেন গোহাঁইৰ অনুপস্থিতিত প্ৰস্তুত নগাঁও লোকসভা নিৰ্বাচনৰ ৰণকৌশল

নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ দলীয় নেতা-কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, ৰামকৃষ্ণ ঘোষৰ পৰা শিবু মিশ্ৰলৈ । কিন্তু নগাঁৱতে অনুষ্ঠিত হোৱা সভাখনত উপস্থিত নাই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই ।

নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰা সভাখনতে ৰাজেন গোহাঁইৰ অনুপস্থিতিয়েই প্ৰমাণ কৰে দলটোত কিমান গুৰুত্ব আছে ৰাজেন গোহাঁইৰ ? দেওবাৰে অনুষ্ঠিত হোৱা বিজেপিৰ গুৰুত্বপূৰ্ণ সভাখনত অংশগ্ৰহণ কৰি আগন্তক নিৰ্বাচনত অসমৰ আটাইকেইখন আসনেই দখল কৰাৰ বাবে দলটো তৎপৰ হোৱাৰ কথা উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে (BJP aims to all Lok Sabha constituencies in Assam) ।

উল্লেখযোগ্য যে, 1999 চনৰ পৰা একেৰাহে চাৰিবাৰকৈ বিজেপি দলৰ পৰা নগাঁও লোকসভা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত এটা বিতৰ্কত সাঙোৰ খোৱাৰ বাবে প্ৰাৰ্থিত্বৰ পৰাও বঞ্চিত হৈছিল ৰাজেন গোহাঁই । 2019 চনৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ ক্ষোভত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পৰাও বিৰত আছিল দলটোৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই । তাৰ পিছৰ পৰাই ক্ৰমাৎ যেন গুৰুত্ব হ্ৰাস পাবলৈ ধৰে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ ।

লগতে পঢ়ক : অসমৰ আটাইকেইটা লোকসভা সমষ্টি দখলৰ লক্ষ্য বিজেপিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.