ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাৰ চাইকেল ৰেলীক তীব্ৰ সমালোচনা ৰাইজৰ দলৰ - ৰাজনৈতিক সভা

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চাইকেল ৰেলী সন্দৰ্ভত ৰাইজৰ দলৰ প্ৰতিক্ৰিয়া ৷ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দলটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীয়ে ৷

raijor-dal-reaction-on-minister-himanta-biswa-sarma-cycle-relly
হিমন্ত বিশ্ব শৰ্মাৰ চাইকেল ৰেলীক তীব্ৰ সমালোচনা ৰাইজৰ দলৰ
author img

By

Published : Feb 3, 2021, 6:13 PM IST

বঢ়মপুৰ, 3 ফেব্ৰুৱাৰী : সমাগত 2021 চনৰ বিধানসভা নিৰ্বাচন ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত শাসকীয় দলে আৰম্ভ কৰিছে ৰাজনৈতিক কুচকাৱাজ ৷ দলৰ প্ৰতিজন নেতাকৰ্মী ব্যস্ত হৈ পৰিছে দলৰ সাংগঠনিক ভেটি দৃঢ় কৰাত ৷ বুধবাৰে নগাঁৱৰ নেহেৰুৱালীত ৰাজনৈতিক সভাত উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ এক বিশাল চাইকেল ৰেলীত অংশ গ্ৰহণ কৰে মন্ত্ৰী গৰাকী ৷ প্ৰায় 25 কিলোমিটাৰ বাট চাইকেল চলাই নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী গৰাকীয়ে ৷

raijor-dal-reaction-on-minister-himanta-biswa-sarma-cycle-relly
নগাঁৱত হিমন্ত বিশ্ব শৰ্মাৰ ৰেলী

ইফালে, মন্ত্ৰী হিমন্ত বিশ্বৰ চাইকেল ৰেলী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলে ৷ দলটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীয়ে বিগত 5 বছৰত নগাঁৱত কোনো ধৰণৰ উন্নয়ন নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ ৰহাৰ পৰা এইমচ কাঢ়ি নি নিজৰ সমষ্টিত স্থাপন কৰিলে ৷ বামুনী মিকিৰ গ্ৰান্টত কৃষকে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ সাহস আছে যদি সেই সকল কৃষকৰ সন্মুখৰে চাইকেল চলাই যাবলৈ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ জনালে গিৰিশংকৰ গোস্বামীয়ে ৷

ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীৰ মন্তব্য

আনহাতে, তেওঁ আকৌ কয় যে, পেট্ৰ'লৰ দাম শতকৰ দিশে নি এতিয়া চাইকেল চলাই ভোটাৰৰ মন জয় কৰাৰ চেষ্টা চলাইছে হিমন্ত বিশ্ব শৰ্মাই ৷ মন্ত্ৰী গৰাকীৰ চলাহী কথাত নগাঁৱৰ জনসাধাৰণ বিপথে পৰিচালিত নহ'য় বুলিও মন্তব্য কৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷

লগতে পঢ়ক : যোৰহাটত বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.