ETV Bharat / state

সুন্দৰৰ পূজাৰীলৈ কলিয়াবৰবাসীৰ শ্ৰদ্ধাঞ্জলি...

author img

By

Published : Jun 20, 2020, 4:56 PM IST

৫২ সংখ‍্যক ৰাভা দিৱস COVID 19 সংক্ৰমণ ৰোধৰ চৰকাৰী নীতি নিয়ম পালন কৰি কেৱল শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিয়ে ৰাভা দিৱস উদযাপন কৰে কলিয়াবৰ শাখা সাহিত্য সভাই।

Kalaguru
ৰাভা দিৱস

কলিয়াবৰ, 20 জুনঃ আজি 20 জুন অৰ্থাৎ ৰাভা দিৱস ৷ সমগ্ৰ ৰাজ্যতে পালন কৰা হৈছে কলাগুৰুৰ ৫২ সংখ‍্যক ৰাভা দিৱস ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কলিয়াবৰবাসীয়েও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সুন্দৰৰ পূজাৰী বিষ্ণুপ্ৰসাদ ৰাভাক । COVID 19 সংক্ৰমণ ৰোধৰ চৰকাৰী নীতি নিয়ম পালন কৰি কেৱল শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিয়ে ৰাভা দিৱস উদযাপন কৰে কলিয়াবৰ শাখা সাহিত্য সভাই । ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি অনুষ্টুপীয়াকৈ স্মৰণ কৰিবলগীয়া হয় কলাগুৰুক ৷

ৰাভা দিৱস

ইফালে,শাখাৰ সভাপতি হেমোধৰ হাজৰিকাই বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা আৰু লেখিকা সমাৰোহ সমিতিৰ প্ৰতিনিধি উপস্থিত থাকে। বিশিষ্ট সাহিত্যিক, প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাই বিষ্ণু ৰাভা সম্পৰ্কত চমু বক্তব্য আগবঢ়াই ৷

লগতে পঢ়কঃ উৰুখা পঁজাত জীৱন সংগ্ৰামত ব্ৰতী বিষ্ণু ৰাভাৰ দেহৰক্ষী তথা স্বাধীনতা যুঁজাৰু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.