ETV Bharat / state

পুৰণিগুদামত শোকাবহ পথ দুৰ্ঘটনা: নিহত এজন

author img

By

Published : May 6, 2021, 3:59 PM IST

পুৰণিগুদামৰ ভীমৰগাঁৱত সংঘটিত হোৱা পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় এগৰাকী মহিলাসহ আন এজন লোক ৷ আহত দুয়োজনকে ভৰ্তি কৰা হয় চিকিৎসালয়ত ৷

পুৰণিগুদামৰ ভীমৰগাঁৱত শোকাবহ পথ দুৰ্ঘটনা: নিহত এজন

চামগুৰি,6 মে': বৃহস্পতিবাৰে পুৰণিগুদামৰ ভীমৰগাঁৱত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ দ্ৰুতবেগী বাইকে মহতিয়াই লৈ যায় ৰাজপথ পাৰ হ'ব খোজা এখন বাইকক ৷ এই দুৰ্ঘটনাটোত এজন নিহত হোৱাৰ লগতে আহত হয় এগৰাকী মহিলাসহ আন এজন লোক ৷ আহত দুয়োজনকে প্ৰেৰণ কৰা হৈছে চিকিৎসালয়ত ৷

প্ৰাপ্ত খবৰ অনুসৰি, দ্ৰুত বেগেৰে আহি থকা এখন বাইকে ৰাজপথ পাৰ হ'ব খোজা আন এখন বাইকক প্ৰচণ্ড জোৰে খুন্দা মাৰে ৷ যাৰ ফলত ৰাজপথ পাৰ হ'ব খোজা বাইকখনৰ গৰাকী তুলাৰাম দাস থিতাতে নিহত হয় ৷

ইপিনে, দ্ৰুতবেগেৰে চামগুৰি অভিমুখে আহি থকা বাইকখনৰ চালক আৰু উক্ত বাইকখনত থকা এগৰাকী যুৱতী গুৰুতৰভাৱে আহত হয় ৷ আহত দুয়োজনকে স্থানীয় ৰাইজে উদ্ধাৰ কৰি মৃত্যুঞ্জয় সেৱাৰে চিকিৎসালয়ত ভৰ্তি কৰে ৷ এই ঘটনাটো সংঘটিত হোৱাৰ পিচতে ঘটনাস্থলীত উপস্থিত হয় পুৰণিগুদাম আৰক্ষী ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে চিকিৎসালয়লৈ ৷

অন্য এক খবৰৰ বাবে: ৰাজ্যবাসীৰ সংকটৰ সময়ত পুনৰ জুবিন গাৰ্গৰ মহানুভৱতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.