ৰূপহীহাট, 2 ফেব্ৰুৱাৰী : বিগত পাঁচ বছৰে উন্নয়ণৰ মুখ নেদেখা এটা পথ ৷ পথৰ নামত আছে কেৱল দ খাৱৈ ৷ বটদ্ৰৱাৰ পৰা ৰূপহীহাটলৈ সংযোগী এই বিশেষ পথচোৱাই জ্বলাকলা খোৱাইছে এতিয়া স্থানীয় ৰাইজক ৷ উপায়ন্তৰ হৈ অঞ্চলটোৰ স্থানীয় ৰাইজে মংগলবাৰে এই বিধস্ত পথচোৱাত ভূঁই ৰুই সাব্যস্ত কৰে প্ৰতিবাদ ৷
উন্নয়ণৰ ঢাক-ঢোল বজোৱা শাসনাধীষ্ঠ চৰকাৰৰ দিনত উন্নয়ণৰ কোনো মুখেই দেখা নাই বুলি মন্তব্য কৰে হাতীজোৱা-আলিটাঙনী অঞ্চলৰ ৰাইজে ৷
বিভিন্ন সময়ত বিভিন্ন স্থানত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাক দেখা গৈছে বিভিন্ন ৰূপত ৷ কেতিয়াবা যদি গীত গাইছে,কেতিয়াবা নৃত্য কৰিছে,আনকি কেতিয়াবা আকৌ পথাৰত ভূঁই ৰোৱা আৰু পুখুৰীত মাছ মৰাও দেখা গৈছে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাক ৷ কিন্তু ৰাইজৰ খবৰ ল’বলৈহে আহৰি নাই বিধায়িকা আঙুৰলতা ডেকাৰ ৷
অঞ্চলটোৰ ৰাইজে এই বিধস্ত পথচোৱাৰ কথা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা গৰাকীক বাৰম্বাৰ কোৱাৰ পাছতো কাণষাৰেই দিয়া নাই বিধায়িকা গৰাকীয়ে ৷ বিধস্ত পথচোৱাৰ বাবে প্ৰতিদিনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে এই পথচাৱাত ৷
উপায়ন্তৰ হৈ অঞ্চলটোৰ স্থানীয় ৰাইজে পথৰ ওপৰতে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ আনহাতে,বাৰিষাৰ আগে আগে এই বিধস্ত পথচোৱা মেৰামতি কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক : কাব্যিক ভাষাৰে মন্ত্ৰী হিমন্তলৈ বার্তা প্ৰেৰণ ৰকিবুলৰ