নগাঁও,১৯ ডিচেম্বৰ : উৎসৱমুখৰ হৈ পৰিছে কলঙৰ বাকৰি নেহেৰুৱালিৰ হোমেন বৰগোহাঞি ক্ষেত্ৰ । নেহেৰুৱালিৰ হোমেন বৰগোঁহাঞি ক্ষেত্ৰত ১৫ ডিচেম্বৰৰ পৰা সাংস্কৃতিক গোষ্ঠী কল্লোলৰ উদ্যোগত আৰম্ভ হৈছে নগাঁও গ্ৰন্থমেলা ২০২২ (Nagaon Book Fair 2022)। নিজৰ নিজৰ পচন্দৰ গ্ৰন্থ ক্ৰয় কৰিবলৈ গ্ৰন্থমেলাত ভিৰ কৰিছে বহু গ্ৰন্থপ্ৰেমী লোকে । শীতৰ সন্ধিয়া গ্ৰন্থপ্ৰেমীৰ ভিৰত যেন উমাল হৈ পৰিছে হোমেন বৰগোঁহাঞি ক্ষেত্ৰ ।
সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া নগাঁৱৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান কল্লোলৰ উদ্যোগত ১৯৯৬ চনৰ পৰাই কলঙৰ বাকৰি নেহেৰুৱালিত অনুষ্ঠিত হৈ আহিছে গ্রন্থমেলা (Book Fair organized at Nagaon)। বহু বৰেণ্য ব্যক্তিৰ সাক্ষী নগাঁও গ্রন্থমেলাই এইবেলি অতিক্ৰম কৰিছে ২৫ টা বসন্ত । সম্প্ৰতি এটা বৌদ্ধিক অনুষ্ঠানলৈ পৰিণত হোৱা নগাঁও গ্ৰন্থমেলাত দৈনিক অনুষ্ঠিত হৈছে আলোচনা চক্ৰকে ধৰি সাহিত্যৰ সৈতে জড়িত বিভিন্ন অনুষ্ঠান । এইবাৰ গ্ৰন্থমেলাৰ বাকৰি অসমৰ স্বনামধন্য সাহিত্যিক প্ৰয়াত হোমেন বৰগোঁহাঞি ক্ষেত্ৰ নামেৰে নামাকৰণ কৰাৰ লগতে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হোৱা মঞ্চ সাহিত্যিক ডঃ লক্ষীনন্দন বৰাৰ নামত উছৰ্গা কৰে উদ্যোক্তাই ।
নগাঁও গ্ৰন্থমেলাত বিশিষ্ট চিত্ৰশিল্পীৰ জীৱনজোৰা চিত্ৰ কৰ্মশালাৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে নগাঁৱৰ অগ্ৰণী ফটোগ্ৰাফী অনুষ্ঠান ভিউ ফাইণ্ডাৰে (Public gathering at Nagaon Book Fair)। ক'ভিড-১৯ সৃষ্ট ভয়াৱহ পৰিৱেশৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত নগাঁও গ্ৰন্থমেলাত গ্ৰাহকৰ ভিৰ আশানুৰূপ নহয় যদিও দৈনিক যথেষ্ট গ্ৰন্থ বিক্ৰী হৈছে গ্ৰন্থ মেলাৰ বিভিন্ন বিপনীত । ইপিনে ডিজিটেল যুগত গ্ৰন্থৰ প্ৰতি আকৰ্ষিত যুৱ প্ৰজন্মৰ এগৰাকী গ্ৰন্থ প্ৰেমীয়ে গ্ৰন্থ ক্ৰয় কৰি ইটিভি ভাৰতৰ সন্মুখত এইদৰে ব্যক্ত কৰিছে মনৰ অনুভৱ ।
ইফালে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰকাশন গোষ্ঠী আৰু আন আন বিপনীসমূহ নগাঁৱৰ গ্ৰন্থমেলালৈ গৈছে । অৱশ্যে পূৰ্বতকৈ গ্ৰন্থৰ বিক্ৰী কিছু কম বুলি কয় বিক্ৰেতাসকলে । তাৰ মাজতে সাধুকথাৰ কিতাপ, শিশুৰ বিভিন্ন গ্ৰন্থ আদি বিক্ৰী তুলনামূলকভাৱে বেছি বুলি উল্লেখ কৰিছে বিক্ৰেতাসকলে । গ্ৰন্থপ্ৰেমী ৰাইজক আকৰ্ষণৰ উদ্দেশ্যে উদ্যোক্তাই এইবাৰ বিভিন্ন ধৰণৰ পদক্ষেপো গ্ৰহণ কৰিছে ।
ইফালে দেওবাৰৰ দিনটোত গ্ৰাহকৰ ভিৰ যিধৰণে আশা কৰা হৈছিল সেইধৰণে হোৱা নাই বুলিও উল্লেখ কৰে উদ্যোক্তাই (Public Response at Nagaon Book Fair)। তথাপিও বিভিন্নজনে পৰিয়াল, বন্ধুবৰ্গৰ সৈতে গ্ৰন্থৰ সুৱাস বিচাৰি ঢাপলি মেলিছে ঐতিহাসিক নেহেৰুৱালিৰ হোমেন বৰগোঁহাঞি ক্ষেত্ৰলৈ ।
লগতে পঢ়ক :Vollyball tournament: ৰহাত ছোৱালী ভলীবল খেল অনুষ্ঠিত