ৰাজকোট: ভাৰত আৰু ইংলেণ্ডৰ মাজত তৃতীয়খন টি-20 মেচ মঙলবাৰে নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত অনুষ্ঠিত হয় ৷ এই মেচখনত 26 ৰাণত পৰাজয়বৰণ কৰে সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতে ৷
প্ৰথমে বেট ধৰি ভাৰতক 172 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল ইংলেণ্ডে ৷ প্ৰত্যুত্তৰত ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 9 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 145 ৰাণ ৷
ENGLAND BEAT INDIA BY 26 RUNS IN 3RD T20I MATCH..!!!!
— Tanuj Singh (@ImTanujSingh) January 28, 2025
- This T20I series is now 2-1. 🏆 pic.twitter.com/SysLoAMx5U
ভাৰতে প্ৰায় 426 দিনৰ অন্তত ঘৰৰ মাটিত অনুষ্ঠিত কোনো আন্তঃৰাষ্ট্ৰীয় টি-20 খেলত পৰাজয়ৰ মুখ দেখে ৷ ইয়াৰ পূৰ্বে 2023 চনৰ 28 নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত এখন টি-20 মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 5 উইকেটত পৰাজয়ৰ সন্মুখীন হৈছিল ঘৰুৱা দলটো ৷
ইংলেণ্ডে এই জয়ৰ জৰিয়তে শৃংখলাটোত বিজয় অভিযান আৰম্ভ কৰিছে ৷ 5 খন মেচৰ শৃংখলাটোৱে সম্প্ৰতি 2-1 ত অগ্ৰগতি লাভ কৰিছে ৷ মঙলবাৰে অনুষ্ঠিত খেলখনত ব্যৰ্থ হোৱা দেখা যায় ভাৰতীয় বেটছমেনসকলক ৷ দ্ৰুতগতিত ৰাণ সংগ্ৰহৰ বাবে চেষ্টা চলাওতেই আউট হয় এজনৰ পিছত আনজন বেটছমেন ৷
ভাৰতে ইংলেণ্ডৰ হাতত পৰাজিত হোৱাৰ প্ৰধানতঃ 5 টা কাৰণ হৈছে এনেধৰণৰ-
1. অথলে গ’ল মহম্মদ ছামীৰ প্ৰত্যাৱৰ্তন
ভাৰতৰ সোঁহতীয়া বলাৰ মহম্মদ ছামীয়ে প্ৰায় 436 দিনৰ পিছত প্ৰত্যাৱৰ্তন ঘটাইছে দললৈ ৷ ইন-ফৰ্ম বাওঁহতীয়া বলাৰ অৰ্শদীপ সিঙৰ সলনি ছামীয়ে মূল একাদশত লাভ কৰিছিল স্থান ৷ অৱশ্যে সুদীৰ্ঘ সময়ৰ পিছত দললৈ ঘূৰি অহা ছামীয়ে উন্নত প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হয় ৷ দ্ৰুত বলাৰগৰাকীয়ে খেলখনত 3 অভাৰত 25 ৰাণ ব্যয় কৰি মাত্ৰ এটাহে উইকেট দখল কৰে ৷ আনহাতে, অৰ্শদীপে প্ৰথম দুখন মেচত প্ৰাৰম্ভিক অভাৰতে উইকেট দখল কৰি ইংলেণ্ডৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ।
#TeamIndia put up a fight but England won the third T20I by 26 runs!
— BCCI (@BCCI) January 28, 2025
India will look to bounce back in the fourth T20I in Pune. 👍 👍
Scorecard ▶️ https://t.co/amaTrbtzzJ#INDvENG | @IDFCFIRSTBank pic.twitter.com/t0l42NwbvX
2. অপেনিং বেটছমেন সঞ্জু চেমছন ব্যৰ্থ
ইংলেণ্ডৰ হাতত ভাৰতৰ পৰাজয়ৰ এটা মুখ্য কাৰণ আছিল অপেনাৰ সঞ্জু চেমছনৰ ব্যৰ্থতা ৷ একেৰাহে তৃতীয়খন খেলত ব্যৰ্থ হোৱা দেখা যায় ক্ৰিকেটাৰগৰাকীক । অভিষেক শৰ্মাৰ সৈতে যুটি বান্ধি দলৰ ইনিংছ মুকলি কৰা চেমছনে মাত্ৰ 3 ৰাণ সংগ্ৰহ কৰিয়েই জোফ্ৰা আৰ্চাৰৰ চিকাৰ হয় ।
- Archer gets Sanju in 1st T20I.
— Johns. (@CricCrazyJohns) January 28, 2025
- Archer gets Sanju in 2nd T20I.
- Archer gets Sanju in 3rd T20I. pic.twitter.com/Peg1kOWwnr
3. সূৰ্যকুমাৰ যাদৱৰ দুৰ্বল প্ৰদৰ্শন অব্যাহত
ৰাজকোটতো অব্যাহত আছিল ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ দুৰ্বল প্ৰদৰ্শন ৷ প্ৰথম আৰু দ্বিতীয়খন টি-20 মেচত সহজে আউট হোৱাৰ পিছত খেলুৱৈগৰাকীয়ে তৃতীয়খন টি-20 ত ফৰ্ম ঘূৰাই পোৱাৰ আশা কৰা হৈছিল ৷ কিন্তু তেওঁ এটা ডাঙৰ শ্বট কোবাবলৈ গৈ 14 ৰাণতে আউট হয় ক্ৰিকেটাৰগৰাকী ৷
4. বেটে-বলে দুৰ্বল প্ৰদৰ্শন ৱাশ্বিংটন সুন্দৰৰ
স্পিন অলৰাউণ্ডাৰ হিচাপে প্লেয়িং-11 ত অন্তৰ্ভুক্ত হোৱা ৱাশ্বিংটন সুন্দৰে এই খেলখনত বল-বেট দুয়োটাতে ব্যৰ্থ প্ৰমাণিত হয় । বলিঙৰ ক্ষেত্ৰত সুন্দৰে এক অভাৰত 15 ৰাণ ব্যয় কৰাৰ পিছতো কোনো উইকেট দখল কৰিব নোৱাৰিলে ৷ আনহাতে, বেটিঙত সুন্দৰক ধ্ৰুৱ জুৰেল আৰু অক্ষৰ পেটেলৰ পূৰ্বে ছয় নম্বৰত বেটিং কৰিবলৈ পঠিওৱা হৈছিল । যেতিয়া দলটোক 10 ৰ ওপৰত ৰাণ-ৰেটৰ প্ৰয়োজন আছিল, তেতিয়া সুন্দৰে 15 টা বল খেলি মাত্ৰ 6 ৰাণ সংগ্ৰহ কৰিয়েই হেৰুৱাইছিল উইকেট ৷ যাৰ বাবে প্ৰয়োজনীয় দলীয় ৰাণ-ৰেট অধিক বৃদ্ধি পাইছিল । ইয়ে ভাৰতীয় বেটছমেনসকলৰ ওপৰত চাপ বৃদ্ধি কৰিছিল ৷
England bounce back with a clinical win in Rajkot to make it 2-1 in the five T20I series👊#INDvENG 📝: https://t.co/rLa32JzewH pic.twitter.com/VeRG5hqNY4
— ICC (@ICC) January 28, 2025
5. বাওঁ-সোঁ ৰ সংমিশ্ৰণত বিনষ্ট মেচ
টীম ইণ্ডিয়াৰ পৰাজয়ৰ আন এটা মুখ্য কাৰণ আছিল ক্ৰিজত বাওঁ-সোঁ সংমিশ্ৰণৰ প্ৰতি অধিক মনোযোগ দিয়া । ইয়াৰ বাবে বেটছমেনসকলৰ ক্ৰমত পৰিৱৰ্তন হৈছিল আৰু তেওঁলোকে ৰাণ সংগ্ৰহ কৰাত ব্যৰ্থ হৈছিল ৷ সঞ্জু চেমছন আউট হোৱাৰ পিছত সূৰ্যকুমাৰ যাদৱে তিলক বাৰ্মাৰ স্থানত বেটিং কৰিবলৈ আহে ৷ তিলকে চাৰি নম্বৰত বেটিং কৰিবলৈ আহি 18 ৰাণত আউট হৈছিল । বাওঁ-সোঁ সংমিশ্ৰণ বজাই ৰাখিবলৈ সুন্দৰক ছয় নম্বৰৰ পিছত ৰখা হৈছিল । আনহাতে, বিশেষজ্ঞ বেটছমেন ধ্ৰুৱ জুৰেলে 4 নম্বৰত বেটিং কৰিবলৈ আহিছিল । ক্ৰমৰ পৰিৱৰ্তনৰ বাবে বেটছমেনসকলে ৰাণ সংগ্ৰহ কৰিবলৈ সংগ্ৰাম কৰা পৰিলক্ষিত হৈছিল আৰু মেচখনত ভাৰত 26 ৰাণত পৰাজিত হৈছিল ।
লগতে পঢ়ক: গোংগাড়ি তৃষাৰ শতকৰে স্কটলেণ্ডৰ বিৰুদ্ধে জয়লাভ ভাৰতৰ