ETV Bharat / state

মুখ্যমন্ত্ৰীয়ে কৰিছে প্ৰবঞ্চনা: ঋণগ্ৰস্ত মহিলা - protest against microfinenc loan at nagaon

সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলা সমিতি, শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদত উত্তাল হ’ল নগাঁও ৷ মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মাফ কৰাৰ দাবীত নগাঁও জিলাৰ ৰহা ব্লক, দলংঘাট ব্লক, কলিয়াবৰ ব্লক, মায়ং ব্লক আৰু কপিলী ব্লকৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়তৰ ৬০ টাৰো অধিক অঞ্চলত ৰূপায়ণ কৰা হ’ল ‘‘প্ৰতাৰণা দিৱস"ৰ কাৰ্যসূচী ৷

মুখ্যমন্ত্ৰীয়ে কৰিছে প্ৰবঞ্চনা: ঋণগ্ৰস্ত মহিলা

author img

By

Published : Jun 20, 2021, 12:55 PM IST

চামগুৰি, 20 জুন : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগত শনিবাৰে উত্তাল নগাঁও ৷ মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মাফ কৰাৰ দাবীত প্ৰতিবাদত বহিল সদৌ অসম প্ৰগতিশীল নাৰী সন্থা নগাঁও জিলা সমিতি ।

চৰকাৰে মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মাফ নকৰাৰ বিৰোধীতাৰে শনিবাৰে নগাঁও জিলাৰ ৰহা ব্লক, দলংঘাট ব্লক, কলিয়াবৰ ব্লক, মায়ং ব্লক আৰু কপিলী ব্লকৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়তৰ ৬০ টাৰো অধিক অঞ্চলত ‘প্ৰতাৰণা দিৱস’ কাৰ্যসূচী ৰূপায়ন কৰে ৷

‘প্ৰতাৰণা দিৱস’ কাৰ্যসূচীত সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলা সমিতিৰ সভানেত্ৰী সম্পাদিকা ক্ৰমে পৰী কুমাৰী বৰুৱা আৰু আয়েফা বেগম, শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ নগাঁও জিলা সমিতিৰ সভানেত্ৰী আৰু সম্পাদিকা মঞ্জু কোঁৱৰ আৰু আয়েফা বেগময়েও অংশগ্ৰহণ কৰে ৷

মুখ্যমন্ত্ৰীয়ে কৰিছে প্ৰবঞ্চনা: ঋণগ্ৰস্ত মহিলা

উল্লেখ্য যে, মন্ত্ৰী ড৹ শৰ্মাই নিৰ্বাচনৰ পূৰ্বে মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মাফ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু নিৰ্বাচনৰ পাচত উলোটা শৰ মাৰিলে ড৹ শৰ্মাই ৷ এই অভিযোগ উত্থাপন কৰিছে মাইক্ৰ'ফাইনেঞ্চৰ ঋণ গ্ৰহণ কৰা মহিলা সকলে ৷

শুক্ৰবাৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কাৰ কাৰ ঋণ মাফ কৰিব সেই সম্পৰ্কে সংবাদ মাধ্যমৰ আগত অৱগত কৰিছিল ৷ যাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে জাৰি কৰিছিল কেতবোৰ নতুন নতুন নিয়ম ৷ যাক লৈ এতিয়া খৰ্গগ্ৰস্ত হৈ পৰিছে ঋণগ্ৰস্ত মহিলা সকল ৷

ইফালে মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰত তেখেতে সকলো মহিলাৰ ঋণ মাফ কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতিৰ পৰা ফালৰি কাটি এতিয়া উক্ত প্ৰতিশ্ৰুতিক "ৰাজনৈতিক মন্তব্য" আছিল বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ এই মন্তব্যৰ পাচতেই ক্ষোভিত হৈ পৰিছে ঋণগ্ৰস্ত মহিলা সকল ৷

যাৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গৈছে ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ ৷ ইফালে ঋণ মাফ নকৰা পৰ্যন্ত এই প্ৰতিবাদী কাৰ্যসূচী চলাই নিয়াৰ হুংকাৰ প্ৰদান কৰে ঋণগ্ৰস্ত প্ৰতিবাদী মহিলা সকলে ।

লগতে পঢ়ক: ধংসৰ গৰাহত চামগুৰিৰ "বিল-পক্ষী নিৰীক্ষণ কেন্দ্ৰ"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.