নগাঁও, 22 মাৰ্চ: নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে বটদ্ৰৱাত উপস্থিত হৈ সোমবাৰে ৰাষ্ট্ৰীয় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে বটদ্ৰৱা থানত সেৱা জনায় ৷ বিয়লি 3 বজাত হেলিকপ্টাৰেৰে আহি পোনতে গুৰুজনাৰ জন্মভূমিত উপস্থিত হৈ বটদ্ৰৱা থানত সেৱা জনোৱাৰ পাছতে প্ৰিয়ংকা গান্ধীয়ে ঐতিহাসিক আকাশী গংগা, শিলিখা বৃক্ষ, গুৰুজনাৰ পদশিলাকে ধৰি বিভিন্ন কীৰ্তি চিহ্ন সমূহ দৰ্শন কৰে ৷ বটদ্ৰৱা থান প্ৰাংগনত প্ৰায় আধা ঘন্টা সময় অতিবাহিত কৰাৰ পাছতে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী আৰু ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে নিৰ্বাচনী প্ৰচাৰ চলায় ৷
উল্লেখ্য যে, নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই গৰম হৈছে বটদ্ৰৱা সমষ্টিৰ নিৰ্বাচনী বতাহ ৷ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে সমষ্টিটোলৈ শীৰ্ষ পৰ্যায়ৰ নেত সকলৰ আগমণ ঘটা পৰিলক্ষিত হৈছে ৷ সোমবাৰেও বটদ্ৰৱা সমষ্টিৰ বাটমাৰী হাইডুবি আঞ্চলিক খেলপথাৰত কংগ্ৰেছ মহাজোটৰ প্ৰাৰ্থী শিৱামনী বৰাৰ হৈ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী আৰু ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে ৷
প্ৰায় 50 সহস্ৰাধিক ৰাইজৰ উপস্থিতিত জনসমূদ্ৰলৈ পৰিণত হোৱা মঞ্চত প্ৰিয়ংকা গান্ধীয়ে কংগ্ৰেছ পাঁচ গেৰাণ্টিৰ কথা উল্লেখ কৰাৰ উপৰিও বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে অসমৰ জলন্ত সমস্যা সমূহৰ ওপৰতো ভাষণ প্ৰধান কৰে ৷ উক্ত সভাতেই ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী গৰাকীয়েও বটদ্ৰৱা সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ ভাষণ প্ৰধান কৰে ৷ অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুদা, আৰু বটদ্ৰৱা সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী শিৱামনী বৰাই নেতা দুগৰাকীক সংগ দিয়ে ৷ সোমবাৰৰ এই বিশাল নিৰ্বাচনী সভাই কংগ্ৰেছৰ এক প্ৰকাৰ বিজয় নিশ্চিত কৰিছে বুলি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে মন্তব্য কৰে ৷
লগতে পঢ়ক: প্ৰতিশ্ৰুতি নহয়, গেৰাণ্টিৰ সৈতে কলিয়াবৰত প্ৰিয়ংকা গান্ধী