ETV Bharat / state

Assam CM wife Land Controversy: মাটি ক্ৰয় নকৰে, কাৰ্বি পাহাৰৰ পৰ্যটন ক্ষেত্ৰলৈহে সহযোগিতা আগবঢ়াব মুখ‍্যমন্ত্ৰী পত্নীয়ে - assam cm wife scam latest news

কাৰ্বি পাহাৰৰ 1000 বিঘা ভূমি বিতৰ্ক সন্দৰ্ভত কাৰ্বি পাহাৰৰ স্থানীয় লোকে সম্বোধন কৰে সংবাদ মেলৰ ৷ সংবাদ মেলযোগে অপপ্ৰচাৰত লিপ্ত নহ’বলৈ সকলোলৈ আহ্বান জনায় স্থানীয় লোকসকলে ৷ এই অপপ্ৰচাৰত জন ইংতি কাঠাৰ আৰু মেনচিং ফাংছ’ জড়িত থকাৰ অভিযোগ স্থানীয় লোকৰ ৷ কাৰ্বি পাহাৰক পৰ্য‍টন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়াব মুখ‍্যমন্ত্ৰী পত্নী ৰিণিকী ভূঞা শৰ্মাই ৷

Assam CM wife Land Controversy
কাৰ্বি পাহাৰৰ 1000 বিঘা ভূমি বিতৰ্ক
author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 9:54 AM IST

কাৰ্বি পাহাৰৰ 1000 বিঘা ভূমি বিতৰ্ক সন্দৰ্ভত স্থানীয় লোকৰ সংবাদ মেল

কলিয়াবৰ, 11 অক্টোবৰ: পুনৰ চৰ্চাত ভূমি বিতৰ্ক ! কাৰ্বি পাহাৰৰ মাটি মুখ‍্যমন্ত্ৰী পত্নী ৰিণিকী ভূঞা শৰ্মাই ক্ৰয় কৰা বুলি সংবাদ মাধ‍্যমত হোৱা প্ৰচাৰ সন্দৰ্ভত কাৰ্বি পাহাৰৰ স্থানীয় লোকে সংবাদ মেলযোগে দিয়ে স্পষ্টীকৰণ ৷ সংবাদ মেলত স্থানীয় লোকসকলে কয়, "কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ গাতে লাগি থকা কাৰ্বি পাহাৰক পৰ্য‍টন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে স্থানীয় লোকসকলে গ্ৰহণ কৰিছে পদক্ষেপ ৷ কাৰ্বি পাহাৰত পৰ্য‍টকৰ সুবিধাৰ বাবে থকা-খোৱা আৰু ট্ৰেকিঙৰ সুবিধাৰ বাবে ৰিণিকী ভূঞা শৰ্মাই সহায়-সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি আগবঢ়াইছে স্থানীয় লোকক ৷ পাহাৰৰ পৰ্য‍টনৰ বাবে অখিল গগৈয়েও সহায়ৰ হাত আগবঢ়াব ৷"

উল্লেখ্য যে, কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে পাহাৰীয়া জিলাখনত এহাজাৰ বিঘা ভূমি দখলৰ অভিযোগ উত্থাপন হৈছিল । কলিয়াবৰৰ দেওচুৰত সংবাদমেল পাতি প্ৰদেশ কংগ্ৰেছৰ আই টি চেলে এক অডিঅ' টেপ প্ৰচাৰ কৰাৰ পাছতে সমগ্ৰ ৰাজ‍্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ । এই ঘটনা পোহৰলৈ অহাৰ পাছতে বিধায়ক অখিল গগৈয়ে সোমবাৰে মাটি অধিগ্ৰহণ কৰা বুলি অভিযোগ উঠা স্থানডোখৰ পৰিদৰ্শন কৰাৰ লগতে বিষয়টো সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল । প্ৰতিক্ৰিয়া প্ৰকাশৰ পিচতে মঙলবাৰে কাৰ্বি-আংলঙৰ সেই স্থানৰ বাসিন্দাৰ প্ৰতিনিধিবৰ্গই এক সংবাদ মেল আয়োজন কৰি মুখ‍্যমন্ত্ৰীৰ পত্নীয়ে এহেজাৰ বিঘা মাটি দখল কৰা বুলি যি প্ৰচাৰ চলিছে, সেয়া সম্পূৰ্ণ মিছা বুলি অভিহিত কৰে ।

এই অপপ্ৰচাৰত জন ইংতি কাথাৰ আৰু মেনচিং ফাংছ’ জড়িত থকা বুলি অভিযোগ তুলি এনে অপপ্ৰচাৰৰ পৰা বিৰত থাকিবলৈ সকিয়নী দিয়ে । কাৰ্বি ৰাইজৰ মাটি কোনো প্ৰতিষ্ঠান, মুখ‍্য কাৰ্য‍বাহী বা মুখ‍্যমন্ত্ৰীক গতাই দিয়া হোৱা নাই বুলি সংবাদ মেলযোগে স্পষ্ট কৰি দিয়ে স্থানীয় লোকে । গোবিন গাঁও, হেংকুৰ গাঁও, মানডুবি গাঁও, ৰুথে পাহাৰ, ইংলেং থিপো, বেৰ পাহাৰ অঞ্চল দখলি সন্দৰ্ভত ৰিণিকী ভূঞা শৰ্মা, মুখ‍্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কাৰ্বি-আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ‍্য কাৰ্য‍বাহী বিষয়া তুলিৰাম ৰংহাঙক সাঙুৰি এহেজাৰ বিঘা মাটি সন্দৰ্ভত বিতৰ্কৰ সূত্ৰপাত হোৱা পৰিলক্ষিত হৈছে ।

একমাত্ৰ ৰাজনীতিৰ স্বাৰ্থত এনেধৰণৰ অপপ্ৰচাৰ চলাইছে বুলি অভিযোগ তোলে স্থানীয় লোকসকলে । তদুপৰি, মুখ‍্যমন্ত্ৰীৰ পত্নীক লৈ যাতে কোনোধৰণৰ অপপ্ৰচাৰত লিপ্ত নহয়, তাৰ বাবে সংবাদ মাধ‍্যমৰ জৰিয়তে সকলোকে আহ্বান জনোৱাৰ লগতে জন ইংতি কাথাৰ আৰু মেনচিং ফাংছ'ক কঠোৰ ভাষাৰে সকীয়নী প্ৰদান কৰে সংবাদ মেলযোগে । ইয়াৰোপৰি, কাৰ্বি ৰাইজক সহায় কৰিবলৈ গৈ মুখ‍্যমন্ত্ৰী পত্নী ৰিণিকী ভূঞা শৰ্মা ৰাজনীতিৰ বলি হোৱা কথাটোৱে স্থানীয় ৰাইজক দুখ দিছে বুলি সংবাদ মেলত অৱগত কৰে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: Child abusing issue : শিশু সুৰক্ষা বিষয়াৰ বিৰুদ্ধেই শিশুক শাৰিৰীক, মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.