ETV Bharat / state

মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকক উচ্ছেদ কৰাক লৈ প্ৰতিবেদন প্ৰকাশ - press meet for mikir grant at nagaon

মিকিৰ বামুণী গ্ৰান্ট উচ্ছেদিত কৃষকৰ ভূমি উচ্ছেদৰ সম্পৰ্কত দিল্লীৰ চলিডাৰিটী গ্ৰুপৰ প্ৰতিবেদন ৷ নগাঁৱত সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে নিখিল ভাৰত কৃষক সংঘৰ নেতা ৰাতুল বৰা আৰু গুৱাহাটী আই আই টিৰ বসুন্ধৰা জয়ৰথে ।

মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকক উচ্ছেদ কৰাক লৈ প্ৰতিবেদন প্ৰকাশ

author img

By

Published : May 1, 2021, 8:49 AM IST

নগাঁও,1 মে’: নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত আৰু চামগুৰি ৰাজহ চক্ৰৰ অধীনস্থ মিকিৰ বামুণী গ্ৰান্টৰ ৰায়তি খতিয়ান প্ৰাপ্ত কৃষক সকলক উচ্ছেদ কৰি চৰকাৰে আজুৰ নামৰ এটা বহু জাতিক প্ৰতিষ্ঠানক সৌৰ প্ৰকল্প স্থাপন কৰিবলৈ দিয়া ঘটনা সম্পৰ্কত দিল্লী চলিডাৰিটী গ্ৰুপ নামৰ এটা সংস্থাই এখন প্ৰতিবেদন প্ৰকাশ কৰিছে । শুক্ৰবাৰে নগাঁৱত সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে নিখিল ভাৰত কৃষক সংঘৰ নেতা ৰাতুল বৰা আৰু গুৱাহাটী আই আই টিৰ বসুন্ধৰা জয়ৰথে ।

তেওঁলোকে জনোৱা মতে, দিল্লী চলিডাৰিটী গ্ৰুপ নামৰ সংগঠনটোৱে তথ্য অনুসন্ধান সমিতি গঠন কৰিছিল । এই সমিতিখনে চৰজমিন অনুসন্ধানৰ ভিত্তিত প্ৰকাশ কৰি উলিয়াইছে 'দ্যা এনাটমী অৱ এ চলাৰ লেণ্ড গ্ৰেৱ' নামৰ এখন প্ৰতিবেদন । এই প্ৰতিবেদনত মিকিৰ বামুণী গ্ৰান্ট আৰু তাত সংঘটিত ভূমি সংঘাতৰ চমু বিৱৰণ, অসমত সৌৰ শক্তি উৎপাদনৰ সামগ্ৰীক প্ৰয়াসত মিকিৰ বামুণীৰ স্থান, অনুসন্ধানৰ বিষয় আদি উল্লেখ কৰিছে ।

মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকক উচ্ছেদ কৰাক লৈ প্ৰতিবেদন প্ৰকাশ

উল্লেখ্য যে, এই তথ্য অনুসন্ধান সমিতিত থকা ব্যক্তি সকল হৈছে নেশ্যনেল এলায়েন্স অৱ পিপলচ মুভমেন্টৰ উপদেষ্টা তথা গোল্ডমেন পৰিৱেশ বঁটা বিজয়ী প্ৰফুল্ল সামান্ট্ৰা, বিত্তীয় দায়বদ্ধতা কেন্দ্ৰৰ উপ পৰিচালক ভাৰ্গৱী এছ ৰাও, এনভাইৰনমেন্ট চাপৰ্ট গ্ৰুপৰ আহ্বায়ক লিও এফ চালদানহা আৰু গৱেষক অমিত কুমাৰ ।

প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি, ১৯৮৬ চনৰ পৰা এই বিবাদমান ভূমিত কোনো খেতি হোৱা নাই ৷ চামগুৰি ৰাজহ চক্ৰ বিষয়া আৰু নগাঁও জিলাৰ উপায়ুক্তই কয় যদিও চৰজমিন অনুসন্ধানত সেই অঞ্চলৰ আনবোৰ মাটিৰ দৰে বিবাদিত মাটিখিনিত আগৰ পৰাই খেতি হোৱাটো দেখা পোৱা গৈছে । তথ্য অনুসন্ধান সমিতিৰ প্ৰতিবেদনত উল্লেখ থকা মতে, উল্লেখিত ভূমি খিনি 'হস্তী দণ্ডী' বুলি পৰিচিত আৰু বন বিভাগ এই বিষয়ে অবগত যদিও তেওঁলোকে উচিত পদক্ষেপ লোৱা দেখা নাযায় ।

দিল্লী চলিডাৰিটী গ্ৰুপৰ তথ্য অনুসন্ধান সমিতিৰ প্ৰতিবেদনত উল্লেখ থকা অনুযায়ী সৌৰ শক্তি নীতি আৰু অসমৰ ভূমি নীতিয়ে উল্লেখ কৰে যে, খেতিৰ প্ৰাধান্য থকা ভূমিত সৌৰ শক্তি প্ৰকল্প বহাব নালাগে । উক্ত নীতি সমূহৰ অৱমাননা কৰা হৈছে ।

অনুসন্ধান সমিতিয়ে জাৰি কৰা তথ্য অনুসৰি, কোম্পানীয়ে গাওঁবাসীক নিয়োগ দিয়াৰ প্ৰলোভনৰে গাওঁবাসীৰ বিশ্বাসৰ কাঠামোৰ আৰু ভূমি সমূহ হস্তক্ষেপ কৰাৰ স্বাৰ্থতে নিয়োগৰ বাৰ্তাকো মিছাকৈ প্ৰচাৰ কৰিছিল । তথ্য অনুসন্ধান সমিতিখনে তেওঁলোকৰ চৰজমিন অনুসন্ধানৰ ভিত্তিত চৰকাৰৰ ওচৰত কেতবোৰ দাবীও উত্থাপন কৰিছে । সেই অনুযায়ী, অসম চৰকাৰে মিকিৰ বামুণী সৌৰশক্তি প্ৰকল্পৰ লগত জড়িত সকলো কাম বন্ধ কৰা, সেই ভূমি প্ৰকল্প স্থাপনৰ পূৰ্বৰ অৱস্থালৈ ৰূপান্তৰিত কৰি কৃষকক উভতাই দিয়া । অসমৰ মুখ্য সচিবে নগাঁও জিলা উপায়ুক্তক কৃষকলৈ মাটি অধিকাৰ হস্তান্তৰ কৰাৰ সম্পৰ্কত প্ৰয়োজনীয় নিৰ্দেশ দিয়া আদি অন্যতম ৷

লগতে পঢ়ক: লুইত এৰ' প্ৰডাক্ট পৰিদৰ্শন ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.