চামগুৰি,30 মাৰ্চ: সোমবাৰে বঢ়মপুৰত কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমে বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী জিতু গোস্বামীৰ বিৰুদ্ধে সম্বোধন কৰে এক সংবাদমেল ৷ এই সংবাদমেল সম্বোধন কৰে কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমৰ সভাপতি মুকুল বৰাই ।
এই সংবাদমেলত কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমৰ সভাপতি গৰাকীয়ে অভিযোগ কৰা অনুসৰি বিজেপি প্ৰাৰ্থী জিতু গোস্বামীয়ে পঞ্জাৱ নেশ্যনেল বেংকৰ পৰা লোৱা ১৬ কোটিৰ ঋণ পৰিশোধ নকৰি পলাতক হৈ থকা বুলি দাবী কৰাৰ লগতে উত্তৰ প্ৰদেশ আৰক্ষীয়ে গোস্বামীৰ গুৱাহাটীস্থিত বাসগৃহৰ সন্মুখত এই সন্দৰ্ভত জাননীও আঁৰি দিয়ে ৷
আনকি, কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি গৰাকীয়ে ঠগ-প্ৰৱঞ্চক গোস্বামীৰ আশ্বাসত পতিয়ন নগৈ প্ৰাৰ্থীজনৰ পক্ষে নিজৰ বহুমূলীয়া ভোটটি প্ৰদানৰ পৰা বিৰত থাকিবলৈ বঢ়মপুৰবাসীক আহ্বান জনায় ৷ অন্যথা বিভিন্ন কেলেংকাৰীৰে জড়িত জিতু গোস্বামীয়ে জয়যুক্ত হৈ সমস্ত সমষ্টিটোকে বিক্ৰী কৰি পেলাব বুলি ৰাইজক ভৱিষ্যতবাণী কৰে সভাপতি মুকুল বৰাই ।
ইফালে বিজেপিৰ ভণ্ড নেতাজন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশীষ ধন্য বুলিও সংবাদমেলত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমৰ সভাপতি গৰাকীয়ে ।
লগতে পঢ়ক: আজি ৬ বজাত অন্ত পৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ