ETV Bharat / state

স্তব্ধ ছপাশালঃ দুঃচিন্তাত স্বত্বাধিকাৰী তথা কৰ্মকৰ্তা

সম্প্ৰতি লক্ ডাউনৰ বাবে স্তব্ধ হৈ পৰিছে ছপাশালৰ কাম । যাৰ ফলত পৰি ৰৈছে গ্ৰন্থ প্ৰকাশৰ কাম । কেৱল এয়াই নহয় ছপাশালসমূহ স্তব্ধ হৈ পৰাৰ বাবে সম্প্ৰতি সংকটৰ সন্মুখীন হৈছে এই উদ্যোগৰ লগত জড়িত লোকসকল ।

press employees are facing problems due to lockdown

author img

By

Published : Apr 29, 2020, 4:38 PM IST

নগাঁও, 29 এপ্ৰিলঃ লক্ ডাউনৰ বাবে সম্প্ৰতি ছপাশাল সমূহ বন্ধ হৈ থকাত পৰি ৰৈছে গ্ৰন্থ প্ৰকাশৰ কাম । যাৰ বাবে হতাশাগ্ৰস্থ হৈ পৰিছে এই উদ্যোগৰ লগত জড়িত একাংশ কৰ্মকৰ্তা । বিশেষকৈ ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল মাহত পূৰ্ণগতিত চলে ছপাশালৰ কাম । কিন্তু বৰ্তমান বিশ্ব ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা মহামাৰী প্ৰতিহত কৰিবলৈ জাৰি কৰা লক্ ডাউনৰ বাবে, স্তব্ধ হৈ পৰিছে ছপাশাল সমূহ । সেয়ে এতিয়া দুঃচিন্তাই আগুৰি ধৰিছে ছপাশালৰ স্বত্বাধিকাৰীকে ধৰি কৰ্মকৰ্তা সকলক ।

স্তব্ধ ছপাশালঃ দুঃচিন্তাত স্বত্বাধিকাৰী তথা কৰ্মকৰ্তা

এই ছপাশালসমূহত নিয়োজিত হৈ আছে হাজাৰ হাজাৰ কৰ্মচাৰী । প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে এই উদ্যোগটোৰ ওপৰত নিৰ্ভৰশীল বহু পৰিয়াল । কিন্তু শেহতীয়াকৈ জাৰি কৰা লক্ ডাউনে ভাবুকি কঢ়িয়াই আনিছে এই উদ্যোগলৈ । বিগত প্ৰায় ডেৰ মাহ ধৰি এই ছপাশাল সমূহ বন্ধ হৈ থকাৰ ফলত, কৰ্মচাৰীক দৰমহা প্ৰদানৰ ক্ষেত্ৰতো চৰম সমস্যাৰ সন্মুখীন হৈছে ছপাশালৰ স্বত্বাধিকাৰীসকল ।

লগতে পঢকঃ অৰ্থনৈতিক অস্থিৰতাই প্ৰভাৱিত কৰিছে ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ীক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.