ETV Bharat / state

কেনে অৱস্থাত আছে কলঙক পুনৰ বোৱাই নিয়াৰ বাবে লোৱা ১৩৫ কোটি টকাৰ প্ৰজেক্ট চিগনেচাৰ ?

author img

By

Published : Mar 4, 2022, 9:46 PM IST

বুকুৰ হাড় স্বৰূপ কলং সূঁতি, বছৰ বছৰ বন্ধ হৈ আছিল হাতীমূৰাৰ কলঙৰ মুখ, কলঙক পুনৰ বোৱাই নিয়াৰ বাবে ২০২০ চনৰ অক্টোবৰতে সেই সময়ত জলসম্পদ মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই (Minister Keshab Mahanta) আৰম্ভ কৰিছিল প্ৰজেক্ট চিগনেচাৰ ৷ পিছে আজি কি অৱস্থাত আছে প্ৰায় ১৩৫ কোটি টকাৰ এই অভিলাষী প্ৰজেক্টটো (Present status of project signature in Kolong river) ৷

present-status-of-project-signature-in-kolong-river
কি অৱস্থাত আছে কলঙক পুনৰ বোৱাই নিয়াৰ বাবে লোৱা ১৩৫ কোটি টকাৰ প্ৰজেক্ট চিগনেচাৰ ?

কলিয়াবৰ, 4 মাৰ্চ: মধ্য অসমৰ বুকুৰ হাড় স্বৰূপ কলং সূঁতি ৷ বছৰ বছৰ বন্ধ হৈ আছিল হাতীমূৰাৰ কলঙৰ মুখ ৷ কলঙক পুনৰ বোৱাই নিয়াৰ বাবে ২০২০ চনৰ অক্টোবৰতে জলসম্পদ বিভাগে হাতত লৈছিল এক প্ৰকল্প ৷ প্ৰকল্পৰ নাম দিয়া হৈছিল প্ৰজেক্ট চিগনেচাৰ (Project signature in Kolong river) ৷ পুঁজি নিৰ্ধাৰণ কৰা হৈছিল প্ৰায় ১৩৫ কোটি টকা ৷ সেই সময়ত জলসম্পদ মন্ত্ৰী আছিল কলিয়াবৰৰ বিধায়ক কেশৱ মহন্ত (Minister Keshab Mahanta) ৷

এতিয়া মন্ত্ৰী সলনি হ’ল, কিন্তু গেথেলা মাৰিলে কলং বোৱাই নিয়াৰ অভিলাসী প্ৰকল্পই ৷ পূৰ্বৰ জলসম্পদ মন্ত্ৰী গৰাকীৰ দিনত আৰম্ভ হোৱা আঁচনিখনৰ কাম বৰ্তমানৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই (Water resource minister Pijush Hazarika) বিগত বৰ্ষৰ অক্টোবৰৰ পৰা পুনৰ আৰম্ভ কৰাৰ কথা কৈছিল ৷ কিন্তু এই বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰাহে চেগা-চোৰোকাকৈ কাম আৰম্ভ হোৱা দেখা গৈছে ।

ইমান এটা বৃহৎ তথা স্পৰ্শকাতৰ নিৰ্মাণত যিধৰণৰ নিৰ্মাণ সঁজুলি ব্যৱহাৰ কৰিছে, তাৰ পৰাই প্ৰমাণ হয় যে খৰতকীয়াকৈ আঁচনিখন ৰূপায়ণত কোনো সদিচ্ছা নাই বিভাগ বা ঠিকাদাৰৰ । ফলস্বৰূপে তিনি মাহতে সম্পূৰ্ণ হোৱা কলিয়াবৰৰ হাতীমূৰাৰ কলংমুখত নিৰ্মিত জলদ্বাৰ সম্পূৰ্ণ নহ'ল দুবছৰেও ।

উল্লেখ্য যে বিগত বৰ্ষৰ ২৩ মে’ত কলিয়াবৰৰ হাতীমূৰাৰ কলং মুখৰ কাম পৰিদৰ্শন কৰি উপস্থিত হৈ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই কৈছিল যে নগাওঁবাসীৰ আত্মাত সোমাই আছে কলং । এই কলং খনক আমি ৰক্ষা কৰিব লাগিব ৷" কামটো কেশৱ দাই আৰম্ভ কৰিছিল মই শেষ কৰিম ৷

কিন্তু শেষ কেতিয়া হ’ব সেয়াহে অজ্ঞাত ৷ ২৪ ঘণ্টাই কাম কৰি তিনি মাহৰ ভিতৰত কলংমুখত শ্লুইছগেট নিৰ্মাণ সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল মন্ত্ৰী গৰাকীয়ে । কিন্তু কাম আৰম্ভ কৰাৰ ডেৰ বছৰ পাৰ হৈ যোৱাৰ পিছতো আজিলৈকে কলং বোৱতী নহ’ল । জলসম্পদ বিভাগৰ এনে হেমাহিত এতিয়া কলং বোৱতী প্ৰকল্প কলিয়াবৰ তথা নগাঁও জিলাবাসীৰ সপোন হৈ ৰৈছে ।

উল্লেখ্য যে, ১৯৬৩ চনত ব্ৰহ্মপুত্ৰৰ বানৰ পৰা মধ্য অসমক ৰক্ষা কৰিবলৈ হাতীমূৰাত বন্ধ কৰি দিয়া হৈছিল কলঙৰ মুখ । তাৰ লগে লগে মৃত্যু ঘটিছিল নগাঁৱৰ প্ৰাণস্পন্দন বোৱতী কলঙৰ । পূৰ্বৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ২০২০ চনৰ ৩০ অক্টোবৰত আৰম্ভ কৰা কলংমুখৰ কাম বৰ্তমানৰ জলসম্পদ মন্ত্ৰী পীয়ুয হাজৰিকাই সম্পূৰ্ণ কৰি তুলিব পাৰিবনে ৷ সেয়া সময়েহে ক’ব ৷

লগতে পঢ়ক : 2026 চনৰ ভিতৰত মাজুলী সংযোগী দুখন দলং সম্পূৰ্ণ হ’ব: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.