কলিয়াবৰ, ৫ জুন : সোমবাৰে সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস (world environment day observed) । বিশ্বৰ লগতে ভাৰত তথা অসমতো বিভিন্ন বিভিন্ন কাৰ্যসূচীৰে পলান কৰা হয় বিশ্ব পৰিৱেশ দিৱস (world environment day observed in Assam) । পৰিৱেশৰ ভাৰসাম্য ৰক্ষা, পৰিৱেশ সুৰক্ষা, নিৰ্মল বায়ুৰ বাবে গছপুলি ৰোপণ আদি বিভিন্ন বিষয়ত বিভিন্ন কাৰ্যসূচীৰে এই পৰিৱেশ দিৱস পালন কৰা হয় । ব্যতিক্ৰম নহয় কলিয়াবৰো । কলিয়াবৰতো দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় (world environment day observed at Kaliabor) ।
আনহাতে, 'শ্যামলী কলিয়াবৰ' শীৰ্ষক পোন্ধৰ মিনিটত এক লাখ গছপুলি ৰোপণ অভিযানে চলিত বছৰৰ পৰিৱেশ দিৱসৰ দিনটোতে অতিক্ৰম কৰিলে এটা বছৰ । কিন্তু এই এবছৰৰ পাছত ৰোপণ কৰা গছপুলিবোৰ কেনে আছে ? গছপুলিবোৰৰ সুৰক্ষাৰ বাবেই বাব কি কৰিলে ৰাইজ তথা প্ৰশাসনে ? উল্লেখ্য, ২০১৭ চনত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱলৰ উদ্যোগত নগাঁও জিলাৰ কলিয়াবৰৰ পৰা গোলাঘাট জিলাৰ বোকাখাতলৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ৰোৱা সোণাৰু, এজাৰ, কৃষ্ণচূড়া, ৰাধাচূড়া প্ৰভৃতি গছৰ পুলিবোৰে এতিয়া হালধীয়া, বেঙুনীয়া, ৰঙা, গোলাপী ৰঙেৰে কলিয়াবৰৰ শোভা বঢ়াইছে ।
এই গছৰ পুলিবোৰ বিগত বছৰবোৰত সঠিকভাৱে লালন-পালন কৰাৰ ফলত আজিৰ এই ৰূপ পাইছে । কিন্তু তাৰ বিপৰীতে কলিয়াবৰ মহকুমা প্ৰশাসনে ৰোপণ কৰা এক লাখ কাঞ্চন গছৰ পুলিৰ বেছিভাগৰে এতিয়া কোনো অস্তিত্ব নাই । বিগত এটা বছৰে সেই পুলিবোৰ কেনে আছে তাৰ খবৰ ল'বলৈ কলিয়াবৰ প্ৰশাসনৰ খবৰ নহ'ল । যদিও স্থানীয় ৰাইজ-সংগঠন আৰু পঞ্চায়তৰ সহযোগত গছপুলিবোৰ ৰোপণ কৰা হৈছিল, কিন্তু চোৱা-চিতা কৰিবলৈনো কাক দায়িত্ব দিলে সেইটোও জানিব পৰা নগ'ল ।
এতিয়া যি দুই-এটা পুলি ডাঙৰ হৈছে, ফুল ফুলিছে সেয়া সচেতন ব্যক্তিৰ বাবেহে সম্ভৱ হৈ উঠিছে । অৱশ্য পদূলিমুখৰ বা পথৰ কাষত প্ৰশাসনে ৰোপণ কৰা গছপুলিকেইটা চোৱা-চিতাৰ দায়িত্ব প্ৰত্যেক ব্যক্তিৰে । কিন্তু চৰকাৰে যেতিয়া ঘৰৰ পৰা শৌচাগাৰলৈ, চাউলৰ পৰা পানীলৈ, অৰুণোদয়ৰ পৰা অৰুন্ধতীলৈকে সকলো যোগান ধৰিছে, এই গছপুলিবোৰো চৰকাৰেই চোৱা-চিতা কৰিব বুলি ৰাইজে ভাবিলে বুলি আক্ষেপ কৰে সচেতন ব্যক্তিসকলে ।
লগতে পঢ়ক :World environment day: গছপুলি ৰোপন কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে