ETV Bharat / state

পথাৰ এৰি ৰাজপথত ব্যতিক্ৰমী ৰূপত ভেলা ঘৰ

author img

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 2:32 PM IST

Updated : Jan 13, 2024, 5:15 PM IST

Bhogali Bihu: কলিয়াবৰৰ এখন গাঁৱৰ এজাক উদ্যমী যুৱকৰ দল ব্যস্ত হাৰলি ঘৰ সজাত ৷ বন্য জন্তুৰ ভয়ত পথাৰ এৰি 37 নং ৰাষ্ট্ৰীয় পথৰ কাষত আকৰ্ষণীয়ভাবে সাজি উলিয়াইছে ভেলা ঘৰ ৷

Etv Bharat
Etv Bharat
পথাৰ এৰি ৰাজপথত ব্যতিক্ৰমী ৰূপত হেৰালি ঘৰ

কলিয়াবৰ, 13 জানুৱাৰী: ভোগৰ ভোগালী সন্মুখত । যেনেদৰে ৰঙালী বিহু বিহুনাচ-বিহুনাম অবিহনে অকল্পনীয়, ঠিক তেনেদৰে ভোগালী বিহুৰ এৰাব নোৱাৰা লগৰী মেজি, হাৰলি ঘৰ বা ভেলা ঘৰ । অসমৰ ঠাই ভেদে ভোগালী বিহু উদযাপনৰ বাবে হাৰলি ঘৰ সজাৰ পৰম্পৰা আজিও অক্ষুণ্ণ আছে । সময়ৰ পৰিৱৰ্তনৰ লগে-লগে হাৰলি ঘৰ বা মেজি ঘৰৰ বিভিন্ন পৰিৱৰ্তন চকুত পৰিছে । সমান্তৰালভাবে পৰম্পৰা এতিয়া প্ৰতিযোগিতালৈ পৰিৱৰ্তন হৈছে ।

সময় সলনি হ'ল যদিও বৰ্তমানেও পৰম্পৰা ৰক্ষাৰ বাবে নৰা, দা, কটাৰী লৈ ব্যস্ত হৈ পৰিছে ৰাজ্যখনৰ কৰ্মব্যস্ত এদল যুৱক । দিনৰ সময়খিনি উপাৰ্জনৰ বাবে বিভিন্ন কৰ্মত ব্যস্ত থকা কলিয়াবৰৰ ওপৰ চতিয়াল গাঁৱৰ একাংশ যুৱকে সন্ধ্যাৰ পৰা ৰাতি এপৰলৈকে হাৰলি ঘৰ সজাত ব্যস্ত হৈ পৰিছে । কোনোৱে নিজৰ বাৰীৰ বাঁহ বা গাঁৱৰে কাৰোবাৰ বাঁহ কাটি আনিছে আনহাতে আন কোনোবাই প্ৰয়োজনীয় নৰা যোগাৰ কৰি আনিছে । মুঠতে সকলোৱে ভাগে-ভাগে ব্যস্ত হাৰলি ঘৰ সজাত ।

দুৰ্ভাগ্যজনক বিষয় যে, বনৰীয়া হাতী আৰু গাহৰিয়ে সৃষ্টি কৰা ত্ৰাসৰ বাবে খেতিপথাৰৰ বিপৰীতে এইসকল যুৱকে 37 নং ৰাষ্ট্ৰীয় পথৰ কাষতে এইবাৰ ভেলা ঘৰ সাজু কৰিছে ৷ কলিয়াবৰৰ ওপৰ চতিয়াল গাঁৱৰ যুৱককেইজনে 37 নং ৰাষ্ট্ৰীয় পথৰ কাষতে থকা বিশ্ববাণী যুৱক সংঘৰ বাকৰিতে হাৰলি ঘৰ সাজি উলিয়াইছে । গাওঁখনৰ যুৱককেইজনে ব্যতিক্ৰমী আৰ্হিৰে, ব্যয়বহুল আয়োজনেৰে চকুত লগাকৈ নিৰ্মাণ কৰি উলিওৱা এই হাৰলি ঘৰ বা ভেলা ঘৰে সকলোৰে লগতে সংবাদ মাধ্যমৰো দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: টীয়কৰ কলিয়াপানী বজাৰত ভোগালীৰ উছাহ

Last Updated : Jan 13, 2024, 5:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.