নগাঁও, 22 ফেব্ৰুৱাৰী : কুইপৰ দুই বিষয়াৰ অপহৰণক লৈ চৰকাৰে নীৰৱ ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰি এই ঘটনাক গৰিহণা দিছে নগাঁও লোকসভা সমষ্টিৰ সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে । কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে আলফা এতিয়া গণবিচ্ছিন্ন হৈ পৰিছে বুলিও মন্তব্য কৰি তেজক লৈ ফাকু নেখেলিবলৈ আলফা স্বাধীনক আহ্বান জনায় ।
প্ৰদ্যুৎ বৰদলৈয়ে বিজেপি চৰকাৰকো কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ তেওঁ বিজেপিয়ে অসমখনক সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিকভাৱে ধ্বংস কৰিব বিচাৰিছে বুলি অভিযোগ কৰে । যাৰ বাবে কংগ্ৰেছে অসম বচাও কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি কংগ্ৰেছ নেতাগৰাকীয়ে উল্লেখ কৰে । লগতে আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰচাৰ কমিটিৰ অধ্যক্ষৰ দায়িত্ব লাভ কৰা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰে । কংগ্ৰেছৰ অসম বচাও কাৰ্য্যসূচীক সমালোচনা কৰিবলৈ গৈ বচাও শব্দ কোনো অভিধানত নাই বুলি হিমন্তই কৰা কটাক্ষৰ প্ৰত্যুত্তৰ দিয়ে প্ৰদ্যুৎ বৰদলৈয়ে । হিমন্তৰ অসমীয়া জ্ঞানে শুদ্ধ অসমীয়া বচাও শব্দ ঢুকি নাপায় বুলি কটাক্ষ কৰে প্ৰদ্যুৎ বৰদলৈয়ে ।
লগতে পঢ়ক : মাৰ্চত ঘোষণা হ’ব পাৰে বিধানসভা নিৰ্বাচনৰ দিন: মোডী