ETV Bharat / state

নগাঁৱৰ শিয়ালমাৰীত গো মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান - গো মাফিয়া

নগাঁৱৰ উপ আৰক্ষী অধীক্ষক দিপ্তী মালীৰ নেতৃত্বত শিয়ালমাৰীৰ কুটায়নিত গো মাফিয়াৰ বিৰুদ্ধে অভিযান । আৰক্ষীয়ে গোলাম মুস্তাফা নামৰ গৰুৰ ব্যৱসায়ী এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । লগতে ব্যৱসায়ীজনৰ ঘৰৰ পৰা ১০ টা চোৰাং গৰু, পূৰ্বে কাটি বিক্ৰী কৰা গৰুৰ ছাল আৰু কিছু নগদ ধন জব্দ কৰে আৰক্ষীয়ে ।

cattle smuggler
নগাঁৱৰ শিয়ালমাৰীত গো মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
author img

By

Published : Jul 9, 2021, 11:05 PM IST

চামগুৰি,৯ জুলাই : ৰাজ্যত অব্যাহত আছে কৰ'ণাৰ (Corona) সংক্ৰমণ । কিন্তু তাৰ মাজতো অসমৰ বিভিন্ন প্ৰান্তত অনৈতিক কাৰ্যকলাপ তথা অপৰাধজনিত ঘটনা অব্যাহত আছে । মুখ্যমন্ত্ৰী (Chief minister) হিচাপে ড: হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) দায়িত্ব লৈয়ে অসম আৰক্ষীক অপৰাধ নিৰ্মূলৰ বাবে কঠোৰ হ'বলৈ আহ্বান জনায় ।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ড্ৰাগছৰ (Drugs) বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী (Assam Police) । লগতে অপৰাধীক দমনৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে । প্ৰতিখন জিলাৰ লগতে নগাঁও জিলাৰ আৰক্ষীও যথেষ্ট সষ্টম হোৱা দেখা গৈছে ।

জিলাখনৰ বিভিন্ন অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । এইবাৰ গো মাফিয়াৰ (Cattle smuggler) বিৰুদ্ধে চলিল নগাঁও আৰক্ষীৰ অভিযান । নগাঁৱৰ উপ আৰক্ষী অধীক্ষক দিপ্তী মালীৰ নেতৃত্বত শিয়ালমাৰীৰ কুটায়নিত চলিছিল এই অভিযান ।

নগাঁৱৰ শিয়ালমাৰীত গো মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

অভিযানৰ সময়ত আৰক্ষীয়ে গোলাম মুস্তাফা নামৰ গৰুৰ ব্যৱসায়ী এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । লগতে ব্যৱসায়ীজনৰ ঘৰৰ পৰা ১০ টা চোৰাং গৰু, পূৰ্বে কাটি বিক্ৰী কৰা গৰুৰ ছাল আৰু কিছু নগদ ধন জব্দ কৰে আৰক্ষীয়ে । অভিযানৰ সময়ত আৰক্ষীয়ে গৰু অনা নিয়া কৰাত ব্যৱহাৰ কৰা দুখনকৈ সৰু বাহনো জব্দ কৰিবলৈ সক্ষম হয় । নগাঁও আৰক্ষীয়ে সম্প্ৰতি নগাঁও সদৰ থানাত গোলাম মুস্তাফাক মাৰাথান জেৰা অব্যাহত ৰাখিছে ।

উল্লেখ্য যে গৰুৰ চোৰাং ব্যৱসায় আজিৰ নহয় । বছৰ বছৰ ধৰি অসমৰ ভিন্ন প্ৰান্তত গৰুৰ চোৰাং সৰবৰাহকে ধৰি অবৈধ ব্যৱসায় চলি আহিছে । সীমান্ত অঞ্চলেৰে প্ৰতি বছৰে লাখ লাখ গৰু সৰবৰাহ হৈ আছে ।

কিন্তু আজিলৈ এই অবৈধ কাৰ্যকলাপ ৰোধ কৰিবলৈ সক্ষম হোৱা নাই অসম আৰক্ষী । অৱশ্যে তাৰ মাজতে বিভিন্ন সময়ত দুই এগৰাকী অবৈধ ব্যৱসায়ী আৰক্ষীৰ জালত পৰা দেখা যায় । নতুন চৰকাৰখন অহাৰ লগে লগে বহুতে আশা কৰিছে যে এইবাৰ অসমত এনেধৰণৰ কাৰ্যকলাপ বহু পৰিমাণে ৰোধ হ'ব ।

লগতে পঢ়ক: চৰকাৰ নে মুখ্যমন্ত্ৰী; স্বৈৰাচাৰী কোন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.