নগাঁও, 6 জুন : ছিণ্ডিকেট চক্ৰৰে জড়িত থকাৰ অভিযোগত ধুবুৰীৰ আৰক্ষী উপ-আৰক্ষী পৰিদৰ্শক (সীমান্ত) যতীন দাস আটক হোৱাৰ পাছতে এইবাৰ নগাঁৱত আটক হৈছে এগৰাকী আৰক্ষী সহকাৰী উপ-পৰিদৰ্শক ৷ ধনৰ লেনদেনৰ এটা অডিঅ’ ক্লিপ ভাইৰেল হোৱাৰ পাছতে সোধ-পোছৰ বাবে নগাঁও আৰক্ষীয়ে আটক কৰিছে চামগুৰি আৰক্ষী থানাৰ সহকাৰী আৰক্ষী উপ-পৰিদৰ্শক গিয়াছ উদ্দিনক । অভিযুক্ত আৰক্ষী বিষয়া গিয়াছ উদ্দিনক ইতিমধ্যে কৰ্তব্যৰ পৰা অব্যাহতি দি নগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।
উল্লেখ্য যে, নগাঁৱৰ নতুন আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰই যোগদানৰ পাছতে অপৰাধমুক্ত নগাঁও গঢ়াৰ সংকল্পৰে বিভিন্ন অপৰাধমূলক কাৰ্যৰ বিৰুদ্ধে অভিযান চলাই থকাৰ মাজতে আৰক্ষী বিষয়াগৰাকীক আটক কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷
লগতে পঢ়ক: অসমত কংগ্ৰেছ হাৰিল কিয় : অশোক চৱনৰ প্ৰতিবেদনত ওলাল আচল কথা !