ETV Bharat / state

গণ্ডগোল থকাৰ বাবেই কথা পাহৰে অখিলে: পীযুষ হাজৰিকা - শিৱসাগৰ সমষ্টি

অখিল গগৈক আক্ৰমণ অব্যাহত পীযুষ হাজৰিকাৰ (Piyush Hazarika) । গণ্ডগোল থকাৰ বাবে অখিল কথা পাহৰে বুলি নগাঁৱত মন্তব্য কৰে পীযুষ হাজৰিকাই (Piyush Hazarika) । বিধায়ক আবাসৰ বিপৰীতে পৰিয়ালৰ সৈতে অখিল গগৈক কিছুদিন ঘৰতে থকাৰ পৰামৰ্শ মন্ত্ৰী গৰাকীৰ।

pijush hazarika criticise akhil gogoi
গণ্ডগোল থকাৰ বাবেই কথা পাহৰে অখিলে
author img

By

Published : Jul 3, 2021, 10:22 PM IST

নগাঁও, ৩জুলাই : এন আই এ (NIA) গোচৰৰ পৰা দোষমুক্ত হৈ মুকলি আকাশৰ তললৈ অহাৰ পিছৰে পৰা ৰাইজৰ দলৰ (Raijor Dal) সভাপতি তথা শিৱসাগৰ সমষ্টিৰ (Sivsagar Constituency) বিধায়ক অখিল গগৈক (Akhil Gogoi) এটাৰ পিছত এটা আক্ৰমণ অব্যাহত ৰাখিছে ৰাজ্যৰ জলসম্পদ, জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই (Piyush Hazarika)। এফালে অখিল গগৈক সমৰ্থকৰ উষ্ম আদৰণি আনফালে বিজেপিৰ মন্ত্ৰী বিধায়কৰ পৰা মুখ্যমন্ত্ৰীলৈ সকলোৱে যিমান পাৰে কৰি গৈছে আক্ৰমণ । শনিবাৰে খোদ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) অখিল গগৈক সমালোচনা কৰাৰ সমান্তৰালকৈ মন্ত্ৰী পীযুষ হাজাৰিকাইও পুনৰ কটাক্ষ কৰিলে বিধায়ক অখিল গগৈক (Akhil Gogoi) ।

শুকুৰবাৰে নগাঁৱত বহু সমৰ্থকে সম্বৰ্ধনা জনোৱাৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত পীযুষ হাজৰিকা (Piyush Hazarika) সন্দৰ্ভত মন্তব্য কৰাটো উচিত নহ'ব বুলি উল্লেখ কৰিছিল অখিল গগৈয়ে । শনিবাৰে নগাঁৱৰ অভিভাৱক মন্ত্ৰী (Guardian Minister) হিচাপে এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰিবলৈ আহি মন্ত্ৰী পীযুষ হাজৰিকাই (Piyush Hazarika) অখিল গগৈলৈ নিক্ষেপ কৰে তীব্ৰ বাক্যবাণ । অখিল গগৈয়ে ২০১১ চনৰ পৰাই পীযুষ হাজৰিকাৰ বিৰুদ্ধাচৰণ কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয়, '২০১১ চনত প্ৰথমবাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সময়ত মোৰ বিৰুদ্ধে ৰহা সমষ্টিত কেইবাখনো সভা অনুষ্ঠিত কৰিছিল অখিল গগৈয়ে । সংবাদমেলৰ আয়োজন কৰিও মোৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল অখিল গগৈয়ে ।'

কেৱল এয়াই নহয় ২০১৬ চনৰ বিধানসভা নিৰ্বাচনতো (Assam Assembly Election 2016) জাগীৰোড সমষ্টিত তেওঁৰ বিৰুদ্ধে প্ৰচাৰ চলায়ো পৰাজিত কৰিব পৰা নাছিল বুলি উল্লেখ কৰি পীযুষ হাজৰিকাই কয় যে, অখিল গগৈৰ (Akhil Gogoi) গণ্ডগোল আছে কাৰণে কথাবিলাক পাহৰি যায় । অখিল গগৈৰ জোখাৰে তেওঁ ইমান গুৰুত্বপূৰ্ণ মানুহ নহয় বুলিও মন্তব্য কৰিলে পীযুষ হাজৰিকাই ।

নতুনকৈ নিৰ্বাচিত হোৱা বিধায়কসকলৰ বাবে বিধায়ক আবাস (MLA Hostel) নিৰ্মাণ কৰি থকা বুলি উল্লেখ কৰি পীযুষ হাজৰিকাই কয় যে অখিল গগৈয়ে নিজকে বিশেষ কেট'গেৰীত থকা ব্যক্তি বুলি ভাৱে । কোনো এজন নতুন বিধায়কে এইপৰ্যন্ত অভিযোগ কৰা নাই কেৱল অখিল গগৈয়ে কিয় বিধায়ক আবাস লাভ নকৰা বুলি অভিযোগ কৰিছে সেয়া তেওঁ নাজানে । অখিল গগৈৰ গুৱাহাটীতে ঘৰ আছে বুলি উল্লেখ কৰি কিছুদিন নিজৰ ঘৰতে পৰিয়ালৰ সৈতে থাকি বিধানসভালৈ অহা যোৱা কৰিবলৈ অখিল গগৈক পৰামৰ্শ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই ।

মুঠৰ ওপৰত মুকলি আকাশৰ তললৈ অহাৰ পিছৰে পৰা পীযুষ হাজৰিকা, কি জয়ন্ত মল্ল বৰুৱা কি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা কোনেও যেন এৰি দিয়া নাই অখিল গগৈক সমালোচনা কৰিবলৈ ।

লগতে পঢ়ক:জম্মুৰ পৰা উদ্ধাৰ ডবকাৰ সন্ধানহীন মহিলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.