ETV Bharat / state

এটা আলু,একাপ দাইল,৫টকীয়া নিমখঃ প্ৰফুল্ল মহন্তৰ সাহাৰ্য - বিধায়ক

বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে সমষ্টিটোৰ একাংশ ৰাইজ ৷ সাহাৰ্যৰ নামত বিধায়ক গৰাকীয়ে এটা আলু,একাপ দাইল,৫টকীয়া নিমখৰ পেকেট এটা,চাউল এক-দেৰ কেজি দিয়াৰ অভিযোগ ৰাইজৰ । সকলো ৰাইজে ইতিমধ্যে খাদ্য সামগ্ৰী সমুহ পুনৰ স্থানীয় দলীয় কৰ্মীৰ ঘৰত গৈ ওভতাই দিয়ে ।

ETV BHARAT
বঢ়মপুৰত ক্ষোভত ওভতাই দিলে বিধায়কৰ সাহাৰ্য
author img

By

Published : Apr 27, 2020, 5:57 PM IST

বঢ়মপুৰ,27 এপ্ৰিলঃ বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ সাহাৰ্য বিতৰণত ক্ষুব্ধ একাংশ ৰাইজ। সাহাৰ্যৰ নামত ৰাম ঠগন দিয়াৰ অভিযোগ বিধায়ক গৰাকীৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ ৷

বঢ়মপুৰত ক্ষোভত ওভতাই দিলে বিধায়কৰ সাহাৰ্য

বঢ়মপুৰৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে সমষ্টিটোৰ একাংশ ৰাইজ ৷ সাহাৰ্যৰ নামত বিধায়ক গৰাকীয়ে এটা আলু,একাপ দাইল,৫টকীয়া নিমখৰ পেকেট এটা,চাউল এক কিলোগ্ৰাম দিয়াৰ অভিযোগ একাংশ ৰাইজৰ । তাৰোপৰি বৰ্তমান পৰিস্থিতিত বঢ়মপুৰৰ বিধায়ক গৰাকীয়ে ৰাইজৰ খবৰ নোলোৱা বুলি সমষ্টিবাসী ৰাইজে আন এক অভিযোগ কৰিছে। শেহতীয়াকৈ দেওবাৰে বিধায়ক গৰাকীৰ পত্নীয়ে বঢ়মপুৰৰ কেইটামান অঞ্চলত সাহাৰ্য বিতৰণ কৰে ৷ আনহাতে, নিজ হাতে সাহাৰ্য বিতৰণ নকৰি প্ৰতিটো ওৱাৰ্ডৰ নামত ৫০ কেজি চাউল,দাইল ৪ কেজি,আলু ৫ কেজি,নিমখ দহ কেজি প্ৰদান কৰে দলীয় কৰ্মীৰ জৰিয়তে জানিবলৈ পোৱা গৈছে । বিশেষকৈ দুখীয়া ৰাইজৰ মাজত বিতৰণৰ বাবে এয়া আছিল একেবাৰে ন্যূনতম সামগ্ৰী । দলীয় কৰ্মীসকলে বঢ়মপুৰ নেধাৰগাৱঁৰ ২৮ ঘৰ দুখীয়া লোকৰ মাজত খাদ্য সামগ্ৰীখিনি বিতৰণ কৰোতে ঘৰে প্ৰতি আলু এটা,দাইল একাপ,নিমখৰ পেকেট এটা,চাউল ডেৰ কিলোগ্ৰাম কৈ ঘৰে প্ৰতি বিতৰণ কৰে। উল্লেখ্য যে,দলীয় কৰ্মী সকলে সাহাৰ্য নিজে বিতৰণ কৰিবলৈ গাৱঁৰ সৰু ল'ৰা দুজনমানৰ জৰিয়তে সন্ধিয়া মনে মনে দিয়াৰ ব্যৱস্থা কৰে । সোমবাৰে ৰাতিপুৱা এই সমগ্ৰ ঘটনাটো পোহৰলৈ আহে । এগৰাকী বিধায়কে এটা আলু আৰু একাপ দাইল দিয়া কাৰ্যত অপমান বোধ কৰাৰ লগতে "আমি ভিক্ষাৰী নহয়,আমাক অপমান কৰিছে বিধায়কে,আৰু সেয়ে আমি আপোনাৰ সামগ্ৰী আপোনাকে ওভতাই দিছো" বুলি দুখ প্ৰকাশ কৰিছে একাংশ ৰাইজে । সকলো ৰাইজে ইতিমধ্যে খাদ্য সামগ্ৰী সমুহ পুণৰ স্থানীয় দলীয় কৰ্মীৰ ঘৰত গৈ ওভতাই দিয়ে ।

লগতে পঢ়ক- গুৱাহাটীত উপস্থিত ৰাজস্থানত আবদ্ধ অসমৰ 391 গৰাকী শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.