ETV Bharat / state

আৰক্ষী চকীত প্ৰৱেশ কৰি আৰক্ষীক আক্ৰমণ দুৰ্বৃত্তৰ

author img

By

Published : Nov 7, 2020, 7:27 AM IST

Updated : Nov 7, 2020, 12:32 PM IST

নগাঁৱৰ মৰিকলং আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি । আৰক্ষীৰ লগতে আৰক্ষীৰ বাহনতো আক্ৰমণ একাংশৰ । এখন স্কুটী জব্দ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিবেশ ।

Police attacked by people
Police attacked by people

নগাঁও, 7 নবেম্বৰ : আৰক্ষী চকীতেই সুৰক্ষিত নহয় খোদ আৰক্ষী ৷ নগাঁৱত আৰক্ষী চকীৰ ভিতৰত সোমাই আৰক্ষীক আক্ৰমণ দুৰ্বৃত্তৰ ৷ ইয়াকে লৈ নগাঁও জিলাৰ মৰিকলং আৰক্ষী চকীত শুকুৰবাৰে নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি । আৰক্ষীক আক্ৰমণ কৰাৰ লগতে আৰক্ষীৰ বাহনো ক্ষতিসাধন কৰে একাংশ লোকে । প্ৰায় শতাধিক লোকে আক্ৰমণ কৰে মৰিকলং আৰক্ষী চকীত ।

আৰক্ষী চকীত প্ৰৱেশ কৰি আৰক্ষীক আক্ৰমণ দুৰ্বৃত্তৰ

এখন স্কুটী জব্দ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিবেশ । জব্দ কৰা স্কুটী খনৰ নম্বৰ AS 02R 5535 ৷ নথি পত্ৰ নথকা বাবে টহলদাৰী আৰক্ষীৰ দলে নগাঁও ৰেল ষ্টেচনৰ সমীপৰ পৰা জব্দ কৰিছিল স্কুটী খন ৷ ইয়াতে ক্ষুদ্ধ হৈ একাংশই এনেদৰে আক্ৰমণ কৰে মৰিকলং আৰক্ষী চকীত । জানিব পৰা মতে ছাদ্দেক আহমেদ নামৰ এজন যুৱকৰ নেতৃত্বত যোৱা এটা দলে এইদৰে গুণ্ডাগিৰি চলাই মৰিকলং আৰক্ষী চকীত ৷

লগতে পঢ়ক : মাত্ৰ এমাহৰ ভিতৰতে সমাধান হ'ব মহানগৰবাসীৰ খোৱাপানীৰ সমস্যা

Last Updated : Nov 7, 2020, 12:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.