ETV Bharat / state

সাংবাদিক পৰাগ ভূঞালৈ শ্ৰদ্ধাঞ্জলি পুৰণিগুদাম প্ৰেছ ক্লাৱৰ

পুৰণিগুদামৰ ভাস্কৰ্য শিল্পী প্ৰাৰ্থপ্ৰতিম বৰুৱাই কেঁচা মাটিৰে স্বৰ্গীয় পৰাগ ভূঞাৰ স্মৃতিত এটি মুখাৱয়ব নিৰ্মাণ কৰি মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ।

author img

By

Published : Nov 14, 2020, 1:08 PM IST

parag bhuyan accident and death tribute by Puranigudam Press Club
সাংবাদিক পৰাগ ভূঞালৈ শ্ৰদ্ধাঞ্জলি পুৰণিগুদাম প্ৰেছ ক্লাৱৰ

নগাঁও, 14 নৱেম্বৰ : নগাঁও জিলাৰ পুৰণিগুদাম প্ৰেছ ক্লাৱৰ উদ্যোগত পুৰণিগুদাম আৰু চামগুৰিৰ সংবাদসেৱীয়ে শনিবাৰে পুৰণিগুদামস্থিত বাপুজী ভৱন পুথিভঁৰালৰ প্ৰেক্ষাগৃহত সাংবাদিক পৰাগ ভূঞালৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ অনুষ্ঠানটোত অঞ্চলটোৰ বহুকেইজন গণ্যমান্য ব্যক্তিৰ উপৰিও বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ লগতে ১০১ বন্তি প্ৰজ্বলন কৰি মৃতকৰ আত্মাই চিৰশান্তিৰ কামনা কৰে । পুৰণিগুদাম অঞ্চলৰ জ্যেষ্ঠ সমাজকৰ্মী কৃষ্ণ গোস্বামীয়ে শুভাৰম্ভ কৰা বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ পাছত সদ্যপ্ৰয়াত পৰাগ ভূঞাৰ প্ৰতিছবিত পুষ্পাঞ্জলী অৰ্পণ কৰি মৃতকলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে অনুষ্ঠানত উপস্থিত থকা লোকসকলে ।

অনুষ্ঠানতেই পুৰণিগুদামৰ ভাস্কৰ্য শিল্পী প্ৰাৰ্থপ্ৰতিম বৰুৱাই কেঁচা মাটিৰে স্বৰ্গীয় পৰাগ ভূঞাৰ স্মৃতিত এটি মুখাৱয়ব নিৰ্মাণ কৰি মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে । অনুষ্ঠানটোতে কাকপথাৰত সংঘটিত ৰহস্যজনক দুৰ্ঘটনাটোৰ সন্দৰ্ভত নিৰপেক্ষ তদন্ত আৰু সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ ন্যায় বিচাৰি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আগন্তুক সাত দিনলৈ নগাঁও জিলাৰ প্ৰতিগৰাকী সংবাদসেৱীকে একোটাকৈ ক'লা বেজ পৰিধান কৰি থাকিবলৈ আহ্বান জনায় পুৰণিগুদাম প্ৰেছ ক্লাৱে । লগতে জ্যেষ্ঠ সাংবাদিকগৰাকীৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত উচিত তদন্ত আৰু ন্যায় বিচাৰি পুৰণিগুদাম আৰু চামগুৰিৰ সংবাদসেৱীসকলে বুধবাৰে চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা কথা জানিবলৈ দিয়ে শ্ৰদ্ধাজ্ঞলী অনুষ্ঠানটোৰ উদ্যোক্তাসকলে । ইফালে পুৰণিগুদামৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানটোত মাত্ৰ এঘণ্টাৰ ভিতৰত ভাস্কৰ্য শিল্পী প্ৰাৰ্থপ্ৰতিম বৰুৱাই নিৰ্মাণ কৰা পৰাগ ভূঞাৰ মুখাৱয়বটো কাকপথাৰস্থিত প্ৰয়াত ভূঞাৰ পৰিয়ালৰ হাতত অৰ্পণৰ দিহা কৰা হ'ব বুলি জানিবলৈ দিয়ে পুৰণিগুদাম প্ৰেছ ক্লাৱৰ বিষয়ববীয়াসকলে ।

লগতে পঢ়ক: বিটিচি নিৰ্বাচনৰ পাচতে জেললৈ যাব হাগ্ৰামা : প্ৰমোদ বড়ো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.