ETV Bharat / state

নগাঁৱত শতাধিক ছাত্ৰ ছাত্ৰীৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিত যোগদান

ছাত্ৰ মুক্তি সংগ্ৰাম সমিটিত যোগদান নগাঁৱৰ শতাধিক ছাত্ৰ ছাত্ৰীৰ ৷ নগাঁৱৰ দহখনকৈ মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে বৃহস্পতিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিটিত যোগদান কৰে ৷

নগাঁৱত শতাধিক ছাত্ৰ ছাত্ৰীৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিত যোগদান
নগাঁৱত শতাধিক ছাত্ৰ ছাত্ৰীৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিত যোগদান
author img

By

Published : Oct 29, 2020, 10:41 PM IST

নগাঁও, 29 অক্টোবৰ: নগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ তৎপৰতা আৰম্ভ । বৃহস্পতিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা আহ্বায়ক সমিতি গঠন কৰা হয়। নগাঁৱৰ ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়কে ধৰি জিলাখনৰ দহখনকৈ মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে বৃহস্পতিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিত যোগদান কৰে ।

জানিব পৰা মতে নগাঁৱৰ পেঞ্চন ভৱনত আয়োজিত এক অনুষ্ঠানত নতুনকৈ যোগদান কৰা ছাত্ৰ ছাত্ৰীসকলক লৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা আহ্বায়ক সমিতিখন গঠন কৰা হয় । ২১ গৰাকী ছাত্ৰ ছাত্ৰীক আহ্বায়ক হিচাপে লৈ আহ্বায়ক সমিতিখন গঠন কৰা হয় । সংগঠনটোৰ নেতৃত্বই জানিবলৈ দিয়া মতে নৱেম্বৰ মাহৰ ভিতৰত সংগঠনটোৰ পূৰ্ণাংগ সমিতিখন গঠন কৰা হ'ব ৷

লগতে পঢ়ক: লক্ষ্মী পূজাৰ উপলক্ষে হোজাই বজাৰত গ্ৰাহকৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.