ETV Bharat / state

কলিয়াবৰত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

author img

By

Published : Jan 31, 2021, 9:49 AM IST

Updated : Jan 31, 2021, 11:34 AM IST

দীৰ্ঘদিনৰ পৰা কলিয়াবৰৰ নলতলি বজাৰত একাংশ লোকে গোপনে চলাই আহিছিল বিলাতী সুৰাৰ ব্যৱসায় ৷ শনিবাৰে নিশা অঞ্চলটোত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰা ৷

কলিয়াবৰত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
কলিয়াবৰত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

কলিয়াবৰ,31 জানুৱাৰী: কলিয়াবৰৰ উলুৱনী থানাৰ অন্তৰ্গত নলতলি বজাৰত অবৈধভাৱে ভাৱে বিক্ৰী কৰা বিলাতী সুৰাৰ দোকানত নিশা আৰক্ষীৰ অভিযান । উলুৱনী আৰক্ষী নিৱেশৰ আৰক্ষী পৰিদৰ্শক গৌৰৱ মহন্তৰ নেতৃত্বত এটা দলে অভিযান চলায় । অভিযান কালত দুল নাথ নামৰ ব্যক্তিগৰাকীৰ দোকানৰ পৰা বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে । কিন্তু আৰক্ষীৰ অভিযানৰ উমান পায় দোকানৰ পৰা পলায়ন কৰে ব্যক্তিগৰাকীয়ে ।

উল্লেখ্য যে, অঞ্চলটোত দীৰ্ঘদিনৰ পৰা একাংশ লোকে গোপনে চলাই আহিছিল বিলাতী সুৰাৰ ব্যৱসায় ৷ স্থানীয় লোকে প্ৰায়ে অভিযোগ কৰি আহিছিল যদিও শনিবাৰে গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলায় বৃহৎ পৰিমাণৰ বিলাতী সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হয় । উলুৱনী আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৌৰৱ মহন্তই জনোৱা মতে, অনাগত দিনটো অবৈধ সুৰাৰ বিৰুদ্ধে অঞ্চলটোত অভিযান থাকিব ৷

লগতে পঢ়ক: গুৱাহাটীৰ গৱেষণা প্ৰতিষ্ঠানৰ উদ্ভাৱনে আকৰ্ষণ কৰিছে বিশ্বৰ ক্ৰীড়া সমাজক

Last Updated : Jan 31, 2021, 11:34 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.