ETV Bharat / state

উৎকোচ নিদিলে ফাইলত হাত নিদিয়ে পঞ্চায়ত সচিবে - জুৰিয়া

সংবাদিকৰ কেমেৰাত বন্দী হ'ল মেলেকাধিং মুকুন্দআটি গাঁও পঞ্চায়তৰ সচিবে ধন সংগ্ৰহ কৰাৰ Exclusive দৃশ্য ৷ জুৰিয়াৰ মেলেকাধিং মুকুন্দআটী গাঁৱৰ পঞ্চায়ত সচিব গৰাকীয়ে বিভিন্ন প্ৰমাণ পত্ৰত চহী কৰাৰ বাবদ দীৰ্ঘদিনৰে পৰা ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷

উৎকোচ নিদিলে ফাইলত হাত নিদিয়া পঞ্চায়ত সচিবগৰাকী
author img

By

Published : Mar 29, 2019, 3:13 PM IST

নগাঁও, 29 মাৰ্চঃ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা চৰকাৰখনৰ দিনতে দুৰ্নীতিৰ ক'লা ধোৱাই আগুৰি ধৰিছে পঞ্চায়ত পৰ্যায়ত ৷ ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ সপোনেৰে স্বাধীন ভাৰতত মহাত্মা গান্ধীয়ে প্ৰৱৰ্তনকৰা পঞ্চায়তীৰাজ ব্যৱস্থাত দুৰ্নীতি৷ এইবাৰ সাংবাদিকৰ কেমেৰাত বন্দী হৈছে পঞ্চায়তৰ সচিবে হিতাধিকাৰীৰ পৰা উৎকোচ লোৱাৰ দৃশ্য ৷

উৎকোচ নিদিলে ফাইলত হাত নিদিয়া পঞ্চায়ত সচিবগৰাকী

ঘটনাটো জুৰীয়া উন্নয়ন খণ্ডৰ এলেকাধীন মেলেকাধিং মুকুন্দআটি গাওঁ পঞ্চায়তৰ ৷ বিগত বহুদিন ধৰি পঞ্চায়তৰ সচিব গৰাকীয়ে বিভিন্ন নথি-পত্ৰত চহী কৰাৰ নামত সংগ্ৰহ কৰি আহিছে উৎকোচ ৷ শেহতীয়াকৈ সংবাদিকৰ গোপন কেমেৰাত বন্দী হৈছে পঞ্চায়তৰ সচিবে ধন সংগ্ৰহ কৰাৰ Exclusiveদৃশ্য৷ অভিযুক্ত পঞ্চায়ত সচিব গৰাকীৰ নাম হৈছে ৰফিকুল ইছলাম ৷ জুৰিয়াৰ মেলেকাধিং মুকুন্দআটী গাঁৱৰ পঞ্চায়ত সচিব গৰাকীয়ে বিভিন্ন প্ৰমাণপত্ৰত চহী কৰাৰ বাবদ দীৰ্ঘদিনৰে পৰা ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷

দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহণশীলতাৰ নীতি গ্ৰহণ কৰা চৰকাৰখনৰ এজন কৰ্মচাৰীৰ এনে কাণ্ডই পোহৰলৈ আনিছে চৰকাৰৰ ঘূণেধৰা ব্যৱস্থাটোৰ প্ৰকৃত সত্য ৷ সহজ-সৰল গাঁওবাসীৰ পৰা উৎকোচ সংগ্ৰহ কৰা এইগৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে??

Intro:মুকলিকৈ ধন সংগ্ৰহ জুৰীয়াৰ মেলেকাধিং মুকুন্দআটি গাওঁ পঞ্চায়তৰ সচিবৰ । সাংবাদিকৰ কেমেৰাত বন্দী ধন লোৱাৰ সমগ্র দৃশ্য । Body:চৰকাৰী কৰ্মচাৰী আৰু দালালৰ মাজত কোনো প্ৰভেদ প্ৰায় নোহোৱা হৈ পৰিছে । ঘোচ নিদিলে পঞ্চায়ত সচিবৰ টেবুলত মাহৰ পিছত মাহ ধৰি চহী নোহোৱাকৈ পৰিথাকে ৰাইজৰ বিভিন্ন প্ৰয়োজনীয় কামত প্ৰয়োজন হোৱা প্ৰমান পত্ৰ । জুৰীয়া উন্নয়ন খণ্ডৰ এলেকাধিন মেলেকাধিং মুকুন্দআটি গাওঁ পঞ্চায়তৰ সচিব ৰফিকুল ইছলামে প্ৰমানপত্ৰ চহী কৰাৰ বাবদ ৰাইজৰ পৰা মুকলিকৈ ধন লোৱা দৃশ্য বন্দী সাংবাদিকৰ গোপন কেমেৰাত । শূন্য সহনশীলতা নীতি সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ একাংশ চৰকাৰী কৰ্মচাৰীয়ে এতিয়া চৰকাৰী কাৰ্যালয় পৰিনত কৰিছে খিৰতী গাইত । চৰকাৰৰ পৰা মেটা অংকৰ দৰমহা পোৱাৰ পিছতো অসন্তুষ্ট এইগৰাকী পঞ্চায়ত সচিবৰ । এয়া নগাঁৱৰ জুৰীয়াৰ মেলেকাধিং মুকুন্দআটী গাঁও পঞ্চায়তৰ সচিব ৰফিকুল ইছলামে বিভিন্ন প্ৰমান পত্ৰত চহী কৰাৰ বাবদ উৎকোচ লৈ থকাৰ দৃশ্য । স্হানীয় ৰাইজৰ পৰা প্ৰমান পত্ৰত চহী এটাৰ বাবেই ৰফিকুল ইছলাম নামৰ পঞ্চায়ত সচীবজনে এইদৰে মুকলিকৈ টকা লৈ থকাৰ দৃশ্য বন্দী হল সাংবাদিকৰ গোপন কেমেৰাত । এয়াই নেকি দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য শসনশীল নীতি গ্ৰহণ কৰা সোণোৱাল চৰকাৰৰ কৰ্মচাৰী । এনেদৰেই এতিয়া চলিছে মেলেকাধিং গাঁও পঞ্চায়তৰ কাৰ্যালয় । এইগৰাকী সচিবৰ বিৰুদ্ধে হব নে কিবা ব্যৱস্থা? নে কোনোবা উপৰৱালাৰ আর্শীবাদত চলিছে এনে মুকলি দালালি ৰাজ । সেয়া হে এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে ।_______________________________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.